কৰ্নাটক, ছাগলী আৰু DGP ৰ চেল্যুট

ছাগলী আৰু DGP ৰ চেল্যুট

 

     মানৱতাও যেন শেষ হৈ যোৱা নাই এতিয়াও। এই সত্যতা প্ৰমাণ কৰিলে কেইজনমান কিশোৰে।দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ এখন ভিতৰুৱা জিলাৰ পথাৰৰ পাঁচ ফুট গভীৰতা আৰু দহ ইঞ্চি ব্যাসাৰ্থৰ গাঁতত সোমাই পৰিছিল এটা ছাগলী। গাঁতত পৰি ওলাব নোৱাৰি ধৰে বেবাবলৈ ।

     সেই সময়ত নাতি দূৰত থকা কেইজন মান কিশোৰ তড়িত গতিত আহি এজনে মুৰটো গাঁতত সোমাই দিয়ে আন সকলে তেওঁৰ ভৰিত ধৰি সহায় কৰে ।কেই মুহুৰ্ত মানৰ পিছতে ছাগলী সহ যুৱক জনে উদ্ধাৰ কৰে ছাগলীটো।

    এই সমস্ত দৃশ্য সেই সময়ত বন্দী কৰে এজন ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে। ইতিমধ্যে কিশোৰ কেইজনৰ এই মহান কৰ্মৰাজী  হৈ পৰে ফাইৰেল । যাক লৈ ৰাজ্যখনৰ আৰক্ষী মুৰব্বী DGP হাৰ্দি সিঙে তেওঁৰ নিজৰ  টুইটাৰ যোগে  কিশোৰ কেইজনৰ এই কাৰ্যক  প্ৰশংসা কৰি চেলুট দিয়ে।

Category