JCB ৰে কঢিয়াই নিলে কৰ'ণাত মৃত্যু হোৱা ২লোকৰ মৃতদেহ/ নিলম্বিত দুজনকৈ বিষয়া

কঢিয়াই নিয়া

    মানৱতাক ভূ-লুন্ঠিত । কৰ'ণাত মৃত্যু হোৱা দুজন লোকৰ মৃতদেহ শ্মশানলৈ কঢিয়াই নিয়া হ'ল JCBৰে। যাৰ বাবে নিলম্বিত হ'ল দুজনকৈ বিষয়া । এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশত।

     অন্ধ্ৰ প্ৰদেশত মানৱতাক ভূ-লুন্ঠিত  কৰা এক ঘটনাৰ এক দৃশ্যই জোকাৰী গৈছে সমগ্ৰ দেশত ।কবিড ১৯ ভাইৰাচত আক্রান্ত হৈ মৃত্যু হোৱা দুজন লোকৰ মৃতদেহ JCB ত উঠাই শ্মশানলৈ নিয়া হয়। এই কাৰ্য সংঘটিত হৈছে ৰাজ্যখনৰ শ্ৰীকাকুলম জিলাত।ইতিমধ্যে এই ঘটনাৰ দৃশ্য ভাইৰেল হোৱাৰ পিছতে সৰ্বত্ৰে সৃষ্টি হয় প্ৰতিক্রিয়াৰ।

     অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগমোহন ৰেড্ডীয়ে নিজৰ টুইটাৰত এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি কয় এনে ঘটনা লজ্জাজনকেই নহয় ই কবিড প্ৰ'ট্ৰকল আইন উলংঘা কৰা হৈছে। কঢিয়াই নিয়া

ইয়াৰ লগত জড়িত থকা শ্ৰীকাকুলম পৌৰ নিগমৰ দুই জেষ্ঠ বিষয়াক নিলম্বিত কৰা হৈছে বুলি জানিব দিয়ে মুখ্যমন্ত্ৰী ৰেড্ডীয়ে ।

      আনহাতে জানিব পৰা মতে কভিডত মৃত্যু হোৱা লোক দুজনৰ মৃতদেহ শ্মশানলৈ নিবলৈ পৰিয়ালৰ লোকে এম্বুলেঞ্চৰ ব্যৱস্থা কৰিবলৈ বিষয়া কেইজনক অনুৰোধ কৰিছিল যদিও সেই অনুৰোধ নস্যাৎ কৰি jcbৰ জৰিয়তে নিয়ে মৃতদেহ দুটি।পিছত এই দৃশ্য ভাইৰেল হৈ পৰাত অন্ধ্ৰৰ বিৰোধী দল সমূহ সৰব হৈ পৰে আৰু বিষয়া দুজনৰ নিলম্বিতৰ দাবী তোলে।

Category