নেপাল চৰকাৰক ভাৰত বিৰোধী কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকীয়নী

নেপাল চৰকাৰক ভাৰত বিৰোধী কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকীয়নী


     ভাৰতৰ সৈতে থকা সাতাম পুৰুষীয়া সম্পৰ্কৰ এনাজৰী ডাল শিথিল কৰি ভাৰত বিৰোধী স্হিতি লোৱা নেপালৰ প্ৰধানমন্ত্ৰী পি পিছত এইচ কলীৰ গাদী হৈ পৰিছে থৰক-বৰক।

      দীৰ্ঘদিন ধৰি ভাৰতৰ অৰ্থ সাহাৰ্য্যৰে ব্ৰতী থকা দেশ খনে শেহতীয়াকৈ উত্তৰাখন্দৰ কালাপানী সহ তিনি অঞ্চল নিজৰ বুলি দাবী কৰি অন্তভূক্ত কৰিছে মানচিত্ৰত । স্বয়ং নেপালী প্ৰধানমন্ত্ৰী গৰাকীয়ে মানচিত্ৰত অন্তৰ্ভুক্তকৰণৰ বাবে সংসদৰ মজিয়াত প্ৰস্তাৱ উদ্থাপনেৰে অনুমোদন আদায় কৰে সংসদৰ পৰা।

    ভাৰতৰ ভূমি নিজৰ বুলি দাবী কৰা পিছৰে পৰা ভাৰতৰ সৈতে সম্বন্ধত মেলে ফাট।যাৰ বাবে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয় হৈ পৰে সষ্টম । ভাৰতে নেপাল চৰকাৰক ভাৰত বিৰোধী কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ দিয়ে  সকীয়নী ।

    আনহাতে ভাৰতৰ  বিৰুদ্ধে সঘনে লৈ অহা বহু বোৰ সিদ্ধান্তৰ বাবে এতিয়া অলীক ঘেৰি ধৰিছে দেশখনৰ অধিকাংশ সৰু-বৰ ৰাজনৈতিক দল।আনকি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰা পৰ্য্যন্ত দিয়ে ভাবুকি। যাৰবাবে  বাবে ৰাজনৈতিক সংকটৰ সন্মুখীন হৈছে নেপালী প্ৰধানমন্ত্ৰী।নেপাল চৰকাৰক ভাৰত বিৰোধী কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকীয়নী

    দেওবাৰে নেপালৰ জননেতা মদন ভাণ্ডাৰীৰ ৬৯ সংখ্যক জয়ন্তীত বিশিষ্ট অতিথি ৰুপে উপস্থিত থাকি ভাৰতৰ বিৰুদ্ধে সৰব হৈ পৰে।তেওঁক  গাদীৰ পৰা উফৰাবলৈ চেষ্টা কৰিছে দিল্লীয়ে।তাৰ অংশ হিচাপে নেপালস্হ  ভাৰতীয় দূতাবাসৰ কেইজনমান বিষয়াই কাঠমাণ্ডুৰ এখন হোটেলত ৰছিছে কুটকৌশল  ।ভাৰতে মনত ৰখা উচিত  ইতিমধ্যেই ৰঙাচীন সহ কেইবাখনো চুবুৰীয়া দেশৰ ৰোষত পৰিছে ভাৰত। এনে ক্ষেত্ৰত ভাৰতে নেপাল চৰকাৰক অস্হিৰ কৰি তোলাৰ পৰা আঁতৰি থাকক।

     প্ৰধানমন্ত্ৰী গৰাকীয়ে অভিযোগ কৰি কয় যে কিছুদিন  পূৰ্বে চীনৰ সৈতে নেপালৰ বানিজ্যিক চুক্তি সম্পাদন হোৱাৰ পিছৰে পৰা ভাৰতৰ কু-দৃষ্টি পৰিছিল নেপালৰ ওপৰত। নেপালী প্ৰধানমন্ত্ৰী পি এচ কোলীৰ ভাৰত বিৰোধী স্হিতিয়ে ভাৰতৰ সৈতে সম্বন্ধ হৈ পৰিছে অতি জটিল বুলি মন্তব্য কৰিছে আন্তঃৰাষ্ট্ৰীয় মহলে  ।

    এনে প্ৰেক্ষাপটত দিল্লী স্হিতি কাঠমাণ্ডুৰ প্ৰতি অনাগত দিনত কেনে ৰুপ লয় সি হ'ব লক্ষণীয়।

Category