১০০ টকাৰ দিশে পেট্ৰলৰ মুল্য

পেট্ৰলৰ মুল্য

    ক্রমাৎ এশ টকাৰ দিশে গতি কৰিছে পেট্ৰলৰ মুল্য ।আপুনি শুনি আচৰিত হ'ব এটা চকলেটৰ দামতে পোৱা যায় এক লিটাৰ পে'ট্ৰল ।বিশ্বাস নকৰিলেও এইয়াই সত্য ।


      যি সময়ত ভাৰতত হোৰাহোৰে দাম বৃদ্ধি পাইছে পে'ট্ৰলৰ মুল্য।সেই সময়ত কিন্তু বিশ্বৰ এখন ৰাষ্ট্ৰত এটা চকলেটৰ মুল্যৰ সমান টকাৰে ক্রয় কৰিব পাৰি এক লিটাৰ পে'ট্ৰল ।আমি জনাম বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত আজিৰ তাৰিখত পে'ট্ৰলৰ দাম কিমান ।যোৱা এটা পষেকত পেট্ৰ'লৰ মুল্য বৃদ্ধিয়ে জলাকলা খুৱাইছে  জনতাক।ইন্ধ্ৰনৰ জুই চাই দামে ৰাইজক হেৰুৱাছে ধৈয্যচুতিৰ।

     এক প্ৰকাৰ সৰ্বসাধাৰণত ৰামটাঙোন সোধাই দেশৰ ৰাজকোষ টনকিয়াল কৰা চলাইছে ব্যৰ্থ প্ৰচেষ্টা । শুনি তবধ মানিব তৈল ভান্দাৰ থকা দেখা ডেনিজুয়েলাত এক লিটাৰ পেট্ৰ'লৰ মুল্য এটা চকলেটৰ সমান মুল্যৰ ।১`৫১টকা দেশখনত এক লিটাৰ পেট্ৰ'লৰ  দাম।একেদৰে ভাৰতৰ চুবুৰীয়া কেইবাখনো দেশৰ লগতে বিশ্বৰ আন আন কেইবাখনো দেশত পেট্ৰ'লৰ মুল্য ৫০টকাৰ তলত। 


দেশ সমূহৰ পেট্ৰ'লৰ মুল্য এনে ধৰণৰ:-
পাকিস্তান- --৩৪`৫৩ টকা
বাংলাদেশ- --২২`০০,
কিউবা-------১৯`০০
ইটালী- --------১৪`০০
নেপাল- -------৩৪`০০
ম্যানমাৰ- -----৩০`০০
আফগানিস্তান- -৩৪`২৮
শ্ৰীলংকা-------৩৪`০০
ইৰাণ-----------৬`৪০
চুইডেন- --------১০`০০
চৌদী আৰৱ---১৬`৪৯
আংগুলা------২০`৪৫
কাটাৰ---------২১`৭৬
নাইজেৰিয়া- --২৫`৭০
কুৱেইট--------২৫`৭৫
মালয়েচিয়া---২১`২১
আলজেৰিয়া-২৭`১০
জিম্বাৱে -------২৮`৪১
      এই আটাইবোৰ দেশতকৈ এভাৰেষ্ট সদৃশ দাম ভাৰতত।এক লিটাৰ পেট্ৰ'লৰ প্ৰায় ৮৪`০০টকা।
 আপুনি এবাৰ অনুমান কৰক।ভাৰতত ইয়াৰ মুল্য কিয় ইমান বেছি ।কেৱল ৰাজহ সংগ্ৰহৰ স্বাৰ্থত জনতাক বলিৰ পঠা সজোৱা হৈছে ভাৰতত। কেন্দ্ৰীয় চৰকাৰলৈ ৰাইজৰ প্ৰশ্ন  কেতিয়ালৈ কমিব চুবুৰীয়া দেশ সমূহৰ দৰে কম মুল্যত পেট্ৰ'ল।অৱশ্যে ৰজা ঘৰৰ দৃষ্টিত এইয়া এতিয়া লাখটকীয়া প্ৰশ্ন।

Category