কুমাৰীকাটাত বি জে পিৰ যোগদান সমাৰোহ -যোগদান ৫ শতাধিকৰ

-যোগদান ৫ শতাধিকৰ

 

    সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা নকৰিলেও  বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা অব্যাহত আছে। আজি আবেলি তামুলপুৰ সমষ্টিৰ কুমাৰীকাটাত ২৬ নম্বৰ দৰঙ্গাজুলি মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত এক যোগদান সমাৰোহত বিপিএফ, জিএছপিৰ আৰু বিভিন্ন ৰাজনৈতিক দল, সংগঠনৰ পৰা পাঁঁচ শতাধিক লোকে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে।

      বিজেপি দলত যোগদান কৰা লোকসকলৰ অধিক সংখ্যকে ধৰ্মীয় সংখ্যা লঘু সম্প্ৰদায়ৰ । বিজেপিৰ ৰাজ্যিক সংখ্যা লঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য ইক্ৰাম আলী আৰু বিজেপিৰ সদস্য ফায়েজ আহমেদৰ আহ্বানত অধিক সংখ্যক ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকে আজি বিজেপিত যোগদান কৰা পৰিলক্ষিত হয়। বিপিএফৰ পৰা অহা লোকসকলৰ ভিতৰত তামুলপুৰ জিলা বিপিএফৰ  সম্পাদক চামচুমা বসুমতাৰী,২নং আৰু ৩ নম্বৰ কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ ক্ৰমে ৰেবিট নাৰ্জাৰী আৰু হিড়িম্বা ৰামচিয়াৰী,তামুলপুৰ জিলা বিপিএফৰ প্ৰাক্তন সম্পাদক প্ৰফুল্ল নাথ,ভিচিডিচিৰ প্ৰাক্তন সদস্য পদ্মা ৰাভাও আছে।

     দৰঙ্গাজুলি মণ্ডল বিজেপিৰ সভাপতি সত্যজিৎ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সমাৰোহত উপস্থিত থাকি বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহালে কয় যে আমি দৰঙ্গাজুলিৰ পৰা জয়যাত্ৰা আৰম্ভ কৰিছোঁ।এক সমম্বয়ৰ জৰিয়তে এই যাত্ৰা চলি থাকিব। আমি বাক্সা জিলাৰ আঠটা পৰিষদীয় সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিছো আৰু আটাইবোৰ সমষ্টিতে জয়লাভ কৰাটো নিশ্চিত।

      সভাত উপস্থিত থাকি দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী দেৱেন বড়োই কয় যে সকলো ৰাইজে
পৰিৱৰ্তন বিচাৰিছে। ১৭বছৰে বিপিএফে বিটিচিত শাসন কৰিলে যদিও ৰাইজে আশাকৰা ধৰণে একো পৰিৱৰ্তন নোহোৱাত আজি ৰাইজে  পৰিৱৰ্তন বিচাৰি বিজেপি লৈ ধাৱমান হৈছে।

      আজিৰ সভাত বাক্সা জিলা বিজেপিৰ সম্পাদক ৰাজেশ বড়ো, বিজেপিৰ ৰাজ্যিক সংখ্যা লঘু মৰ্চাৰ সদস্য  ইক্ৰাম আলী,দৰঙ্গাজুলি মণ্ডল বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী ভাগ্য মালাকাৰ,যুৱ মৰ্যাৰ সভাপতি ৰণোজ ৰাভাকে ধৰি দৰঙ্গাজুলি মণ্ডল বিজেপিৰ বিষয়ববীয়া সকলৰ উপৰিও সদ্য বিজেপিৰ সদস্য  মোহন বসুমতাৰী,দৰঙ্গাজুলি মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক সুকুৰঞ্জন মণ্ডল, ধীৰেণ বৈশ্য, ফায়েজ আহমেদকে ধৰি বহুসংখ্যক বিজেপিৰ নেতা -কৰ্মী উপস্থিত থাকে।

Category