৭ বছৰ আগৰ সেই অভিশপ্ত দিনটোৰ কথা সকলোৰে মনত আছে।

abhjit

৭ বছৰ পূৰ্বে মানুহৰূপী একাংশ দানৱৰ বৰ্বৰ আক্ৰমণত মৃত্যু হৈছিল ২ প্ৰতিভা অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ আজিও ন্যায়ৰ অপেক্ষাত দুৰ্ভগীয়া ২ পৰিয়াল ৰাজ্য কঁপাই যোৱা হত্যাকাণ্ডৰ আজিও নাপালে ন্যায় কাৰ্বি আংলঙৰ ডকমকাত সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰত মৃত্যু হৈছিল এই ২ প্ৰকৃতিক ভালপোৱা যুৱকক কাৰ্বি পাহাৰৰ প্ৰাকৃতি সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ একাংশ মানৱৰূপী দানৱৰ হাতত মৃত্যু হৈছিল অভি-নীল আজিও অসমবাসীয়ে পাহৰিব পৰা নাই প্ৰাণৰ মমতাত প্ৰাণভিক্ষা খুজি অভি-নীলে কৰা সেই চিৎকাৰ ঘটনা সন্দৰ্ভত প্ৰায় ৪৭ গৰাকীকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে এই নৃশংস হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাৰ্ষ্টট্ৰেক আদালতত চলাৰ দাবী উঠিছিল যদিও ডিফু আদালতত আৰু পৰৱৰ্তী সময়ত নগাঁও আদালতত চলে বিচাৰ প্ৰক্ৰিয়া নগাঁও আদালতত বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ আক্ষেপ অভি-নীলৰ পৰিয়ালৰ  

Category