deepshikha hazarika

৪ অক্টোবৰৰ দিনটোৱে কাল হ'ল দীপশিখা হাজৰিকাৰ লগতে আন পৰ্বতাৰোহীসকলৰ বাবে।

দুচকুত অযুত সপোন বান্ধি উত্তৰাখণ্ডত পৰ্বতাৰোহৰণৰ প্ৰশিক্ষণ ল'বলৈ গৈছিল অসমৰ দীপশিখা হাজৰিকাই। পৰ্বতাৰোহণৰ এডভাঞ্চ পাঠ্যক্ৰমৰ বাবে উত্তৰকাশীত থকা নেহেৰু ইনষ্টিটিউট অফ মাউণ্টেনিয়াৰিং চমুকৈ এন আই এমত নামভৰ্তি কৰিছিল দ্বীপশিখাই।

পৰ্বতাৰোহণকেই জীনৱৰ পণ হিচাপে বাছি লোৱাই যেন কাল হ'ল দীপশিখাৰ বাবে। পৰ্বতাৰোহণৰ প্ৰশিক্ষণ লৈ থকাৰ সময়তে হঠাৎ হোৱা হিমস্খলনৰ ফলত মৃত্যুক সাৱটি লয় দীপশিখাৰ লগতে আন পৰ্বতাৰোহীসকলে। যোৱা ৪ অক্টোবৰৰ পৰাই সন্ধানহীন হৈ আছিল দীপশিখাৰ লগতে আন প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষকসকল।