guwahati abhiruchi sports day

আজি ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনটোত পালন কৰা হয় এই দিৱস। ১৯৮৪ চনৰ ৩ ছেপ্তেম্বৰৰ পৰাই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান জনাই প্ৰত্যেক বছৰে এই দিনটি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে।

 

 

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস। বিশিষ্ট ক্ৰীড়াবিদজনৰ ওপজাদিন উপলক্ষে গুৱাহাটী মহানগৰীৰ চানমাৰিটো পালন কৰা হয় এই দিৱস। চানমাৰি উৰণীয়া সেতুঁৰ পৰা নেহৰু ষ্টেডিয়ামলৈ আয়োজন কৰা হয় সমুহীয়া দৌৰৰ। য'ত অংশ লয় ত্ৰিপুৰাৰ বিশিষ্ট অলিম্পিয়ান দীপা কৰ্মকাৰে।