পৰ্যটকৰ বাবে ভাল খবৰ! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি হ’ল হাতী ছাফাৰি

Kaziranga National Park

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা মুকলি হ’ল হাতী ছাফাৰি ৷ উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈয়ে আজি আনুষ্ঠানিকভাৱে মুকলি কৰে পৰ্যটকৰ বাবে হাতী ছাফাৰি ৷
পুৱা পৰম্পৰাগত হস্তী পূজাৰ পাছতে কহঁৰাৰ মিহিমুখ Elephant Tower ত নাৰিকল ভাঙি, ফিটা কাটি হাতী ছাফাৰি মুকলি কৰে DFO গগৈয়ে ৷
উদ্যানৰ কহঁৰা বনাঞ্চলত ১০ টা বিভাগীয় হাতীৰে আৰু বাগৰি বনাঞ্চলত ২৫ টা ব্যক্তিগত হাতীৰে মুকলি কৰা হয় হাতী ছাফাৰি ৷
আজি হাতী ছাফাৰিৰ প্ৰথম দিনাই পুৱা ছুইজাৰলেণ্ড আৰু আমেৰিকাৰ ৫ জন বিদেশী পৰ্যটকসহ মুঠ অৰ্ধ শতাধিক পৰ্যটকে হাতী ছাফাৰি কৰে ৷
উল্লেখ্য যোৱা ২ অক্টোৱৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ মুকলিৰে পাছত উদ্যানৰ কহঁৰা আৰু বাগৰিত কেৱল জীপ ছাফাৰিহে পৰ্যটকৰ বাবে মুকলি আছিল ৷

Category
Profile picture for user UB Photos