ভাৰতীয় জনতা পাৰ্টীয়ে হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে ৬২ জন প্ৰাৰ্থীৰ এখন তালিকা প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ, জ্যেষ্ঠ নেতা অনিল শৰ্মা আৰু সতপাল সিং সতী তালিকাত স্থান প্ৰাপ্ত আটাইতকৈ বিশিষ্ট নাম।
ঠাকুৰে চেৰাজৰ পৰা প্ৰতিদ্বন্দিতা কৰিব, শৰ্মা আৰু সতীয়ে মাণ্ডি আৰু উনাৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।
বিজেপিৰ নৱগঠিত কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে মঙলবাৰে প্ৰথমবাৰৰ বাবে ইয়াৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিবলৈ মিলিত হৈছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু অমিত শ্বাহ আৰু দলৰ মুৰব্বী জে পি নাড্ডা বৈঠকত উপস্থিত থাকে।
BJP releases a list of 62 candidates for the upcoming #HimachalPradesh Assembly election.
— ANI (@ANI) October 19, 2022
CM Jairam Thakur to contest from Seraj, Anil Sharma to contest from Mandi and Satpal Singh Satti to contest from Una.
The election is scheduled to be held on 12th November. pic.twitter.com/hm7ZX0UDle
উল্লেখ্য় যে, হিমাচল নিৰ্বাচনৰ ভোটগ্ৰহণ ১২ নৱেম্বৰত অনুষ্ঠিত হ'ব।
- Log in to post comments