আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকসকলৰ বাবে মুকলি কৰা হৈছে অনলাইন টিকট বুকিং প্ৰক্ৰিয়া।
পৰ্যটকসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাফাৰিৰ বাবে নিজে টিকট বুক কৰি ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিব পাৰিব।
বিভাগীয় বন বিষয়া (ডিএফঅ') ৰমেশ কুমাৰ গোঁহাইয়ে কাজিৰঙাৰ মিহিমুখত অনলাইন টিকট বুকিং প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
"স্থানীয় আৰু বিদেশী পৰ্যটকসকলে www.kazirangasafari.in ৱেবছাইটৰ জৰিয়তে আগতীয়াকৈ টিকট বুক কৰি চাফাৰী কৰিব পাৰিব" বুলি বিষয়াজনে কয়।
টুইটাৰৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অফিচিয়েল একাউণ্টত লিখিছে, "কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া প্ৰৱেশ টিকট বুকিং প্ৰক্ৰিয়া অনলাইন কৰা গৈছে। এতিয়া যিকোনো ঠাইৰ পৰা আপোনাৰ টিকট বুক কৰক আৰু বিজোড় আৰু নগদবিহীন চাফাৰীৰ অভিজ্ঞতা উপভোগ কৰক।"
Kaziranga National Park has now gone online with its entry ticket booking. Now book your tickets from anywhere and enjoy seamless and cashless safari experience.
— Kaziranga National Park & Tiger Reserve (@kaziranga_) October 15, 2022
Visit https://t.co/ACDAYbN0eC now pic.twitter.com/Cwi5o6PLn6
- Log in to post comments