৫ বছৰৰ বাবে ভাৰতত নিষিদ্ধ কৰা হ’ল Popular Front of India চমুকৈ PFIক

PFI

ভাৰতত ৫ বছৰৰ বাবে নিষিদ্ধ কৰা হ’ল Popular Front of India চমুকৈ PFI ক। UAPA ৰ অধীনত বেআইনী কাৰ্যকলাপৰ বাবে PFI ক নিষিদ্ধ ঘোষণা কৰে কেন্দ্ৰই।

 

কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰি প্ৰেৰণ কৰে জাননী। লগতে PFI ৰ সহযোগী সংগঠন CFI, RFI, AIIC, NCHRO, NWF, EIFকো নিষিদ্ধ ঘোষণা কৰে কেন্দ্ৰই। আজিৰে পৰা জাৰি হ’ব এই নিষিদ্ধতা। দেশজুৰি PFIৰ বিৰুদ্ধে চলিছিল অভিযান। এই অভিযান কালতে ১০০ৰো অধিক PFIৰ সদস্য আটক কৰে। অসমৰ ভিন্ন জিলাৰ পৰা প্ৰায় ৩৫জন নেতাক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমানেও অব্যাহত আছে PFIৰ বিৰুদ্ধে অভিযান।

 

চৰকাৰী অধিসূচনাত উল্লেখ কৰা অনুসৰি PFI আৰু ইয়াৰ সহযোগীসমূহে মুকলিকৈ এক আৰ্থ-সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক সংগঠন হিচাপে কাম কৰি আছে কিন্তু, তেওঁলোকে গণতন্ত্ৰৰ ধাৰণাক হ্ৰাস কৰাৰ দিশত কাম কৰি থকা সমাজৰ এটা নিৰ্দিষ্ট অংশক উগ্ৰপন্থী কৰি তুলিবলৈ আৰু দেশৰ সাংবিধানিক কৰ্তৃত্ব আৰু সাংবিধানিক গঠনৰ প্ৰতি সম্পূৰ্ণ অসন্মান দেখুৱাবলৈ এক গোপন কাৰ্যসূচী অনুসৰণ কৰি আহিছে।

 

কেন্দ্ৰীয় জাৰি কৰা জাননীখনত কোৱা হৈছে যে PFI আৰু ইয়াৰ সহযোগী মৰ্চাসমূহে বেআইনী কাৰ্যকলাপত লিপ্ত হৈ আছে, যিবোৰ দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি বিৰোধী। লগতে ই দেশৰ ৰাজহুৱা শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ উপৰিও দেশত উগ্ৰবাদক সমৰ্থন কৰাৰ সম্ভাৱনা আছে।

Category
Profile picture for user UB Photos