আজি বিশ্বকৰ্মা পূজা। নিৰ্মাণ-সৃজনৰ দেৱতা দেৱশিল্পৰ আৰাধনা চলিছে চৌদিশে।
বিশ্বকৰ্মাৰ আৰাধনা আৰু জয় ধ্বনিৰে মুখৰিত আকাশ-বতাহ। নাম-কীৰ্ত্তন কৰি সকলোৰে মংগল কামনা। বিশ্বখনিকৰ পূজা উপলক্ষে ভীষণ ব্যস্ততাই বিৰাজ কৰিছে ৰাজ্যৰ কল-কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠান, গেৰেজকে আদি কৰি প্ৰতিষ্ঠানসমূহত।
জনবিশ্বাস অনুসৰি, এই দেৱশিল্পীয়ে নিৰ্মাণ কৰিছিল ইন্দ্ৰপুৰি, স্বৰ্গলোক, যমপুৰি আদি দৃষ্টিনন্দন ৰৈম্যপীঠ। সেই অনুসৰিয়েই অতীজৰে পৰা নিৰ্মাণ-সৃজনৰ দেৱতা ৰূপে বিশ্বকৰ্মাৰ পূজা কৰি আহিছে।
বিশ্বকৰ্মা পূজা মূলতে ভাৰতৰ অসম, কৰ্ণাটক, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰাকে ধৰি কেইবাখনো ৰাজ্যত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তিত পালন কৰা হয়। বিশ্বকৰ্মা পূজাত ঘৰত থকা সাধাৰণ চাইকেলখনৰ পৰা ডাঙৰ ডাঙৰ উদ্যোগৰ যন্ত্ৰসমূহক পূজা অৰ্চনা কৰা হয় ৷
UBPhotosৰ কাৰ্যালয়তো পুৱাৰে পৰা আৰম্ভ হৈছে পূজা-অৰ্চনা। নাম-কীৰ্ত্তনেৰে মুখৰিত UBPhotosৰ কাৰ্যালয়। ওৰে দিনটো কাৰ্যালয়ত চলিব নাম-কীৰ্ত্তন।
- Log in to post comments