সাৱধান! যিকোনো ৰাজসাহায্য বা নগদ পুৰস্কাৰ আদি ভুৱা লিংকৰ বিৰুদ্ধে সতৰ্কবাণী অইল ইণ্ডিয়া লিমিটেডৰ

Fake Alert

বৃহস্পতিবাৰে দুলিয়াজানৰ অইল ইণ্ডিয়া লিমিটেডে (OIL) ৰাজ্যখনৰ নাগৰিকসকলক ভুৱা সংযোগৰ সন্দৰ্ভত সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে যে অইল ইণ্ডিয়া লিমিটেডে যিকোনো ৰাজসাহায্য বা নগদ পুৰস্কাৰ আগবঢ়াইছে।

তেল কোম্পানীটোৱে কৈছে যে প্ৰদান কৰা তথ্য 'ফেক' আৰু অইল ইণ্ডিয়া লিমিটেডে এনে কোনো ৰাজসাহায্য বা দাবী সমৰ্থন নকৰে।

উল্লেখ্য় যে, যোৱা এপ্ৰিল ২০২২ত অসমত ইয়াৰ কাৰ্যকলাপ ব্যাহত কৰি চাইবাৰ আক্ৰমণৰ সন্মুখীন হৈছিল অইল ইণ্ডিয়া লিমিটেড যাৰফত এই ঘোষণা কৰে অইলে ।

টুইটাৰৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেডৰ অফিচিয়েল টুইটাৰ হেণ্ডেলে কয়, "#URGENT আৰু #IMPORTANT। যদি আপুনি অইল ইণ্ডিয়া লিমিটেডে কোনো ৰাজসাহায্য বা নগদ পুৰস্কাৰ আগবঢ়াইছে বুলি উল্লেখ কৰি কোনো লিংক প্ৰাপ্ত কৰে, অনুগ্ৰহ কৰি ইয়াত ক্লিক নকৰিব। প্ৰদান কৰা তথ্য #FAKE। অইল ইণ্ডিয়া লিমিটেডে এনে কোনো ৰাজসাহায্য বা দাবী সমৰ্থন নকৰে।"

 

Category
Profile picture for user UB Photos