ৰসগোল্লাৰ বাবে বাতিল হ’ল ডৰ্জনে ডৰ্জনে ৰেল…

train cancel

বিহাৰত ৰেল বাতিলৰ এটা অদ্ভুত ঘটনা পোহৰলৈ আহিছে। ৰসগোল্লাৰ কাৰণে প্ৰায় ১০০ খন ৰেলৰ পথ সলনি কৰিব লগা হোৱাৰ লগতে বাতিল হ’ল বহুকেইখন ৰেল।

এই ঘটনা সংঘটিত হৈছে বিহাৰৰ লখিচাৰাই জিলাৰ বৰহিয়া ৰেল ষ্টেচনত। ৰসগোল্লাৰ ব্যৱসায়ীসকলে ষ্টেচনত ১০ খন ৰেল ৰখাৰ দাবীত প্ৰায় ৪০ ঘণ্টা ধৰি প্ৰতিবাদ কৰিছিল। স্থানীয় লোকসকলে ৰে’লপথত তম্বু স্থাপন কৰাৰ ফলত ৰেলৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

বৰহিয়াৰ ৰসগোল্লা যথেষ্ট বিখ্যাত। ইয়াৰ সোৱাদো অদ্ভুত। এই ৰসগোল্লা ৰাজ্যৰ বিভিন্ন স্থানলৈও প্ৰেৰণ কৰা হয়। বৰহিয়াত মুঠ ২০০ তকৈও অধিক ৰসগোল্লাৰ দোকান আছে। বৰহিয়া ষ্টেচনত দীঘলীয়া দূৰত্বৰ মেইল-এক্সপ্ৰেছ ৰেল নৰখোৱাৰ বাবে ইয়াৰ মিঠাই আন ৰাজ্যলৈ যাব পৰা নাই। ইয়াৰ ফলত, মিঠাই ব্যৱসায়ীসকলে আন ৰাজ্যলৈ ৰেলযোগে ৰসগোল্লা যোগান ধৰিব পৰা নাই। এইটোৱে তেওঁলোকৰ ব্যৱসায় প্ৰভাৱিত কৰিছে আৰু ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈছে।

সেইবাবে মিঠাই ব্যৱসায়ীসকলে ১০ খন ৰেল ৰখাৰ দাবীত বৰহিয়া ষ্টেচনত প্ৰতিবাদ সাব্যস্ত কৰে।

যেতিয়া ৰে’লৱেই সমগ্ৰ বিষয়টোৰ ওপৰত লিখিতভাৱে আশ্বাস দিয়ে, তেতিয়াহে প্ৰতিবাদ বন্ধ হয়। ৰেলৱেই এতিয়া এখন এক্সপ্ৰেছ ৰেল ৰখাৰ আশ্বাস দিছে। ৰেলৱেই এতিয়াও তথ্য দিয়া নাই যে ইয়াত কোনখন ৰেল ৰখোৱা হ’ব।

Category
Profile picture for user UB Photos