আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি, নামঘৰত হৈছে নাম-প্ৰসংগ!

Mahapurush Madhabdev

আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৩ সংখ্যক আৱিৰ্ভাৱ তিথি। ৰাজ্যজুৰি উদযাপন কৰা হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি।

মহোৎসৱ৷ মহাপুৰুষ মাধৱদেৱ গুৰুজনাই স্থাপন কৰা তিনিও ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰত মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ তিনিদিনিয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ৷

১৪৮৯ চনত নাৰায়ণপুৰৰ লেতেকুপুখুৰীত মাধৱদেৱৰ জন্ম হয়। পিতৃৰ নাম আছিল গোবিন্দ গিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা।

মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। তেওঁ কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা। তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰি সমগ্ৰ অসমীয়া জাতিক সমৃদ্ধ কৰি গৈছে। 

মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা দ্বাৰকা মথুৰাসদৃশ বৰপেটা সত্ৰত আজি ভকতে পুৱাৰ নিত্য প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগত ভাগ লয়৷ নাম প্ৰসংগ, হৰিনাম কীৰ্তনৰ অমিয়া সুৰেৰে মুখৰিত হৈ পৰিছে বৰপেটা সত্ৰৰ চৌদিশ৷

গুৰুজনাৰ অমৰ সৃষ্টিৰাজি আৰু সাৰগৰ্ভ বাণীয়ে বৃহত্তৰ অসমীয়া জাতিক যুগে যুগে সমৃদ্ধ কৰি ৰাখিব।

 

Category
Profile picture for user UB Photos