আজি গৰু বিহু! গৰু বিহুৰ এইবোৰ কথা জানেনে আপুনি?

Goru Bihu

বিহু অসমৰ জাতীয় উৎসৱ। ব’হাগ বিহু হৈছে ৰঙালী বিহুৰ প্ৰথমটো দিন।

চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু। গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱায়-ধুৱায়। দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে। অসমৰ কৃষিপ্ৰধান সমাজত গৰুৱে পালন কৰি অহা উল্লেখনীয় ভূমিকাৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া সমাজে গৰু বিহু পালন কৰি আহিছে।

goru bihu

গৰু বিহুৰ দিনা ৰাতিপুৱাই উঠি গৰুকেইটাক নদীৰ পাৰলৈ লৈ যোৱা হয় আৰু গা ধুওৱা হয়। গৰুৰ গা ঘঁহিবৰ বাবে খেৰৰ নুৰা ব্যৱহাৰ কৰা হয়। পানীৰে গা ধুওৱাৰ পাছতে গৰুৰ গাত মাহ হালধিৰ মিহি মিশ্ৰণ সানি দিয়া হয়। সেইদিনা গৰুৰ গাত লাউ-বেঙেনা আদি ছটিয়াবলৈ ছাট সজা হয়। গৰুৰ স্নান পৰ্ব শেষ হোৱাৰ পিছতে গৰুৰ নিপোটল এটি শৰীৰ কামনা কৰি গালৈ লাউ, বেঙেনা আদি ছটিওৱা হয়।

তাৰ পাছত এনেদৰে গীত গায়-

“লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু বাপেৰ সৰু, তই হ’বি বৰ বৰ গৰু”

নৈৰ পাৰৰ এই সমগ্ৰ কৰ্মৰাজিত গাঁৱৰ ডেকা-গাভৰু, শিশু-মহিলা সকলো উপস্থিত থাকে আৰু পৰিবেশটো যথেষ্ট মোহনীয় হৈ পৰে। এই মধুৰ ক্ষণতে দীঘলতি আৰু মাখিয়তীৰে গৰুৰ গাত কোবোৱা প্ৰথাও গৰুবিহুৰে এটা নিয়ম।

এইসময়ত অসমবাসীয়ে গায়-

“দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত
মাখিয়তীৰ মাখি পাত, মাখি মাৰোঁ জাত জাত”

goru bihu 1

জনপ্ৰবাদ অনুসৰি, পথাৰত বা নদীৰ পাৰত গৰুৰ গালৈ মৰা হালধিৰে সেইদিনা গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি। সেইদিনা বহু অসমীয়াই ঘৰৰ গৰুকেইটাৰ মংগলৰ অৰ্থে ভগবানৰ ওচৰত মিনতি নিবেদি গোসাঁইঘৰত প্ৰাৰ্থনা জনায়। গাঁৱৰ বুঢ়ামেথাই সেইদিনা নামঘৰত সমবেত হৈ সমজুৱাকৈ শৰাই আগবঢ়ায়। ঘৰৰ সকলো সদস্যই একেলগে বহি চিৰা–দৈৰে এসাজ জলপান খোৱাটো অসমীয়া সমাজৰ এক চিৰাচৰিত নিয়ম।

goru bihu2

সন্ধিয়া পথাৰৰ পৰা ঘৰৰ গৰু ঘূৰি অহাৰ পাছতেই খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়া হয়। অসমবাসীৰ মাজত ইয়াক ‘জাগ দিয়া’ বুলি কোৱা হয়। প্ৰবাদ আছে যে, অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাগ দিয়াৰ পিছতহে বিচনী ব্যৱহাৰ কৰে। অসমৰ বহু ঠাইত সন্ধিয়া গৰু গোহালিলৈ প্ৰবেশ কৰাৰ আগে আগে মাছৰ পানীৰে গৰুৰ ভৰি ধুওৱাৰ নিয়ম প্ৰচলিত আছে। জনবিশ্বাস মতে- এনে কৰিলে বছৰটোলৈ গৰুৰ খুড়াত কোনোধৰণৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। কোনো কোনো ঠাইত পিঠাগুৰি খুন্দি গৰুক খুৱাবলৈ পিঠা তৈয়াৰ কৰাৰ প্ৰথাও প্ৰচলিত আছে।

goru bihu3

গৰুক নতুন পঘা দিয়া গৰু বিহুৰ এক উল্লেখযোগ্য নিয়ম। বিশেষকৈ এই পঘা মৰাপাটেৰে তৈয়াৰ কৰা হয়। মৰাপাটৰ প্ৰতিটো পাকৰ মাজে মাজে ‘তৰাগছ’ৰ বাকলি খাজি এই পঘা সাজি উলিওৱা হয়। তাত হালধিৰে মিহি প্ৰলেপ সানি গৰু বিহুৰ দিনাই গৰুক নতুন পঘাৰে আদৰণি জনোৱা হয়।

Category
Profile picture for user UB Photos