বিধায়ক আৱাসৰ বাবে নিৰ্মাণ হ’ব দুটা ১০ মহলীয়া অট্টালিকা, আৱাস চৌহদত নিৰ্মাণ হ’ব এখন পাৰ্ক

Himanta Biswa Sarma

অসম বিধানসভাৰ নতুন বিধায়ক আৱাসৰ নতুন বিল্ডিং ১ আৰু ২ৰ আধাৰশিলা স্থাপন। 

আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, ৫২ টা বিধায়ক আৱাসৰ প্ৰয়োজন আছিল। সেই অনুসৰি দহ মহলীয়া দুটা টাৱাৰ নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে। ১ বছৰীয়া সময়ৰ ভিতৰত নিৰ্মাণ সম্পন্ন হোৱাৰ পৰিকল্পনা কৰা হৈছে। টাৱাৰত হেলিপেডৰ ব্যৱস্থা থাকিব।

লগতে বিধায়ক আৱাস চৌহদত এখন পাৰ্ক নিৰ্মাণ হ’ব। মে’ মাহৰ পৰা মুকলিমূৰীয়া হ’ব বিধানসভা। যিকোনো সাধাৰণ মানুহে বিধানসভা চৌহদ পৰ্যবেক্ষণ কৰিব পাৰিব। ইয়াৰ বাবে বিধানসভা চৌহদত এগৰাকী গাইড থাকিব। যিগৰাকীয়ে বিধানসভা চৌহদত ক’ত কি আছে সেয়া পৰ্যবেক্ষণ কৰাব।

Category
Profile picture for user UB Photos