১ এপ্ৰিল অর্থাৎ আজিৰ পৰা বৃদ্ধি পাব জীৱন দায়িনী ঔষধৰ মুল্য।
প্ৰায় প্ৰতিবিধ ঔষধত ৩০% লৈকে হ’ব মুল্যবৃদ্ধি। পুনৰ বৃদ্ধি পাব পেট্ৰল ডিজেলৰ দাম। বৃদ্ধি হ’ব ঘৰুৱা ৰন্ধন গেছৰ মুল্য। তাৰ লগতে বৃদ্ধি পাব ইটা বালি চিমেণ্টৰ দাম। ৰাজ্যত বিদ্যুতৰ মূল্যও বৃদ্ধি পাব। ১ এপ্ৰিলৰ পৰা প্ৰতি ইউনিট বিদ্যুতৰ মূল্য ৫৯ পইচালৈ বৃদ্ধি পাব। গতিকে পূৰ্বৰ বাজেটেৰে এতিয়া আৰু নছলিব আপোনাৰ ঘৰ!
চৌদিশ এতিয়া কেৱল মুল্য বৃদ্ধিৰ আতংক! নেমুৰ মূল্যবৃদ্ধিৰ বাবে সৰ্বসাধাৰণক দোষ দিয়া শাসকীয় বিধায়কৰ পৰামৰ্শ মানিলে প্ৰতিজন লোকে বা প্ৰতিটো পৰিয়ালে এজোপাকৈ নেমু ৰুলে হেনো মূল্যবৃদ্ধি প্ৰতিৰোধ হ’ল হয়। নেমু বাৰু ৰুই ল’ব। পেট্ৰ’ল-ডিজেল, বিদ্যুত, চিলিণ্ডাৰ, নিৰ্মাণকাৰ্যৰ সামগ্ৰী এইবোৰ ক্ষেত্ৰত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব সেই উপদেশো এতিয়া ৰাইজে আশা কৰিছে।
- Log in to post comments