তামিলনাডুৰ এজন যুৱকে মাত্ৰ ১টকীয়া মুদ্ৰাৰে বাজাজ শ্ব’ৰুমৰ পৰা ক্ৰয় কৰে নিজৰ সপোনৰ বাইকখন

Coins

তামিলনাডুৰ আম্মাপেটৰ গান্ধী ময়দানত বাস কৰা ভি বুবাথি নামৰ যুৱকজনে তেওঁৰ সপোনৰ বাইক ‘ডমিনাৰ 400’ মটৰচাইকেলখন তিনি বছৰ ধৰি সাঁচি ৰখা ধনেৰে মুঠ ২.৬ লাখ টকাত ক্ৰয় কৰে। যি ধন তেওঁৰ বন্ধুবৰ্গৰ সৈতে মোনাৰে ভৰ্তি এখন মিনি ভ্যানত শ্ব’ৰুমলৈ লৈ যায়।

coins

মিনি ভ্যানখনত থকা টকাৰ মোনাত আছিল মুঠ ২.৬ লাখ টকাৰ এটকীয়া মুদ্ৰা। টকাখিনি ডিলাৰসকলক গণনা কৰিবলৈ প্ৰায় দহ ঘণ্টা সময় লাগিছিল।

dream

বুবাথিয়ে বাজাজ শ্ব’ৰুমলৈ গৈ ১টকীয়া মুদ্ৰাসমুহেৰে বাইকখনৰ ধন পৰিশোধ কৰিব বিচৰাত কৰ্মচাৰীসকলে প্ৰথমে অলপ অনিচ্ছুক আছিল, কিন্তু পাছত বুবাথি, তেওঁৰ চাৰিজন বন্ধু আৰু শ্ব’ৰুমৰ পাঁচজন কৰ্মচাৰীয়ে মুদ্ৰাসমুহ গণনা কৰি বাইকখন ক্ৰয় কৰে। সম্পূৰ্ণ পৰিমাণটো গণনা কৰিবলৈ প্ৰায় ১০ ঘণ্টা সময় লাগিছিল।

Category
Profile picture for user UB Photos