তেজপুৰত SSBৰ ২৫৮ বেটছৰ দীক্ষান্ত সমাৰোহ উদযাপন…

SSB

তেজপুৰত এছ এছ বিৰ ২৫৮ বেটছৰ দীক্ষান্ত সমাৰোহ উদযাপন। সোমবাৰে, শালনীবাৰীৰ এছ এছ বিৰ প্ৰশিক্ষণ কেন্দ্ৰত সম্পন্ন হয় এই অনুষ্ঠান। শালনীবাৰীৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া তথা সশস্ত্ৰ সীমা বলৰ সঞ্চালক প্ৰধান সঞ্জয় আৰোৰা।

অনুষ্ঠানত প্ৰশিক্ষণ সম্পূৰ্ণ কৰা জোৱানসকলে প্ৰদৰ্শন কৰে আনুষ্ঠানিক কুছ-কাৱাজ। দীক্ষান্ত সমাৰোহত অংশ গ্ৰহণ কৰা ৮৩৫ গৰাকী জোৱানৰ ভিতৰত ৪৮৬ গৰাকী মহিলা আৰু ৩৪৯ পুৰুষ। অনুষ্ঠানত উপস্থিত সঞ্চালক প্ৰধান সঞ্জয় অৰোৰাই কয় যে, ভাৰত-ভূটান আৰু ভাৰত-নেপাল সীমান্তৰ উপৰিও দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ কামতো জড়িত সশস্ত্ৰ সীমা বল অথবা এছ এছ বিয়ে আজি যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ সক্ষম। আনহাতে সশস্ত্ৰ সীমা বল শালনীবাৰী প্ৰশিক্ষণ কেন্দ্ৰৰ উপ মহাপৰিদৰ্শকৰ সম্বিত যোশীয়ে কয় যে, ৪৪সপ্তাহৰ কঠোৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰা জোৱান সকলৰ ভিতৰত ৭৫গৰাকী স্নাতকোত্তৰ,৫০০গৰাকী স্নাতক আৰু ২০৮গৰাকী উচ্চতৰ মাধ্যমিক পৰীক্ষা উৰ্ত্তীৰ্ণ।

দীক্ষান্ত সমাৰোহৰ আনুষ্ঠানিক কুছ কাৱাজৰ পিছতেই জোৱান সকলে শাৰীৰিক দক্ষতাৰ কৌশল আৰু সামৰিক কৌশল প্ৰদৰ্শন কৰে। সশস্ত্ৰ সীমা বলৰ তেজপুৰ ফ্ৰন্টিয়াৰৰ মহাপৰিদৰ্শক প্ৰদীপ কুমাৰ গুপ্তাই অংশ গ্ৰহণ কৰা দীক্ষান্ত সমাৰোহত মুখ্য অতিথি তথা সশস্ত্ৰ সীমা বলৰ সঞ্চালক প্ৰধান গৰাকীয়ে প্ৰশিক্ষণৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা জোৱানসকলক চলন্ত ট্ৰফী প্ৰদান কৰে।

Category
Profile picture for user UB Photos