বেংকৰ কিবা জৰুৰী কাম থাকিলে সোনকালে কৰি লওক ! আগন্তুক ৪ দিনেই বন্ধ থাকিব বেংক

bank strike

যদি আপোনাৰ বেঙ্ক সম্পৰ্কীয় কোনো কাম আছে, তেন্তে সোনকালে কৰক কিয়নো এই মাহৰ বাকী এক সপ্তাহ, বেঙ্ক একেৰাহে চাৰি দিনৰ বাবে বন্ধ থাকিব। ইয়াৰ মুখ্য কাৰণ হৈছে বিভিন্ন কৰ্মচাৰী সংঘৰ ধৰ্মঘট। দেশৰ সৰ্ববৃহৎ বেংক এছ বি আইয়ে প্ৰদান কৰিছে এই তথ্য।

দৰাচলতে, বেংক ইউনিয়নে ২৮ আৰু ২৯ মাৰ্চত (সোমবাৰে আৰু মঙলবাৰে) ধৰ্মঘট ঘোষণা কৰিছে। ইয়াৰ আগতে, শনিবাৰে আৰু দেওবাৰে বেঙ্ক বন্ধ ৰখা হ'ব। ইয়াৰ অৰ্থ হৈছে যে এই মাহত চাৰি দিনৰ বাবে বেংকৰ কাম-কাজৰ ওপৰত প্ৰভাৱ পৰিব পাৰে।

এছবিআইয়ে ইণ্ডিয়ান বেংক এছ'চিয়েশ্যনৰ উদ্ধৃতি দি কয় যে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ব্যক্তিগতকৰণ আৰু বেংক আইন সংশোধনী বিধেয়ক ২০২১ৰ প্ৰতিবাদত ২৮ আৰু ২৯ মাৰ্চত বেংক ইউনিয়নসমূহে দুদিনীয়া ধৰ্মঘট আহ্বান কৰিছে।

অল ইণ্ডিয়া বেংক এমপ্লয়িজ এছ'চিয়েচন, বেংক এমপ্লয়িজ ফেডাৰেচন অৱ ইণ্ডিয়া আৰু অল ইণ্ডিয়া বেংক অফিচাৰ্ছ এছ'চিয়েশ্যনে দেশজুৰি ধৰ্মঘট কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰি জাননী জাৰি কৰিছে।

Category
Profile picture for user UB Photos