বাক্সাৰ চৌকিত জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আচামৰ উদ্যোগত বিশ্ব জল দিৱস পালন

baksa water day celebrations

আজি বিশ্ব জল দিৱস ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাতো উদযাপন কৰা হয় বিশ্ব জল দিৱস ৷

জাৰ্ণেলিষ্ট ইউনিয়ন অফ আচামৰ বাক্সা জিলা সমিতিৰ উদ্যোগত মানাহ চৌকী ইকো টুৰিজিম চোছাইটি, বাক্সা জিলা অনাময় আৰু পানী নিস্কাষন সমিতি আৰু স্থানীয় দোং বান্ধ সমিতিসমূহৰ সহযোগত বাক্সাৰ চৌকিত উদযাপন কৰা হয় বিশ্ব জল দিৱস ৷

এই উপলক্ষে পুৱা এখন সজাগতা সভা অনুষ্ঠিত কৰাৰ পিচতে পাগলাদিয়া নদীত থকা আৱৰ্জনা নিস্কাষন কৰা হয় ৷

উল্লেখ্য যে বাক্সা জিলাৰ ভাৰত- ভূটান সীমান্তৰ অধিকাংশ গাঁওৰ জনসাধাৰণে পাগলাদিয়া নদীৰ পানী বোৱাই নি দৈনন্দিন কামত ব্যৱহাৰ কৰি আহিছে ৷ কিন্তু নদীত চৌকীলৈ অহা বনভোজকাৰী দলসমূহে নদীৰ পানীত প্লাষ্টিককে ধৰি বিভিন্ন আৱৰ্জনা পেলাই লেতেৰা কৰি আহিছে ৷

সেয়ে জল দিৱসৰ দিনটোত নদীৰ চৌপাশৰ আৱৰ্জনাসমূহ পৰিস্কাৰ কৰা হয় ৷ আজিৰ কাৰ্যসূচীত জাৰ্ণেলিষ্ট ইউনিয়ন অফ আচামৰ কেবাজনো সদস্যৰ লগতে স্বেচ্ছাসেৱী সংগঠন, দোং বান্ধ সমিতিৰ বিষয়ববীয়াৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া উপস্থিত আছিল ৷ 
 

Category
Profile picture for user UB Photos