ভাৰতত পৰিছে ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ প্ৰভাৱ, অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ৰন্ধন তেলৰ মুল্য!

Ukraine vs Russia Conflict

অন্যান্য বস্তুৰ লগতে এইবাৰ ৰন্ধন তেলৰ ওপৰতো পৰিছে ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ প্ৰভাৱ। যুদ্ধৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে দখিবলৈ পোৱা গৈছে। ভাৰততো এই যুঁজৰ প্ৰভাৱ এতিয়া স্পষ্টভাৱে দেখা গৈছে।
যোৱা কেইদিনমানৰ ভিতৰত মিঠা তেল, ৰিফাইন তেলৰ মূল্য দেশৰ বহু ঠাইত অস্বাভাৱিকভাবে বৃদ্ধি পোৱাৰ লগতে অভাৱ ঘটিছে বিভিন্ন দোকানত। সৰ্বাধিক বৃদ্ধি হৈছে ৰিফাইন তেলত দেখা গৈছে। ইয়াৰ ভিতৰত আছে চয়াবীন তেল, সূৰ্যমুখী তেল আৰু পাম তেল।

ব্যৱসায়ীসকলে জনাইছে যে, যোৱা ১০ দিনত ৰিফাইন তেলৰ মূল্য সৰ্বাধিক বৃদ্ধি পাইছে। ইয়াৰ হাৰ প্ৰতি লিটাৰত ২০ ৰ পৰা ৩০ টকালৈ বৃদ্ধি হৈছে। ইয়াৰ লগতে দেশী ঘিউৰ পৰা বনস্পতি ঘিউৰ মূল্যও প্ৰতি লিটাৰত ২৫ৰ পৰা ৩০ টকা বৃদ্ধি হোৱা দেখা গৈছে বুলি জানিব পৰা গৈছে।

বেছিভাগ ৰিফাইণ্ড তেল আৰ্জেণ্টিনা, ব্ৰাজিল আৰু ইউক্ৰেইনৰ পৰা আহে। পাম তেল মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ পৰাও আহে। একেদৰে, সূৰ্যমুখী ৰিফাইণ্ড তেলৰ বিষয়ে ক’লে, ইয়াৰ আমদানি নিৰ্ভৰশীলতাৰ ৯০% ৰো অধিক ৰাছিয়া আৰু ইউক্ৰেইনৰ ওপৰত। এতিয়া যুদ্ধৰ বাবে, এই দুয়োখন দেশৰ পৰা আমদানি সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে। যাৰ বাবে বৃদ্ধি পাইছে মুল্য।

Category
Profile picture for user UB Photos