
বাক্সাৰ ডুমুনীত অগ্নিনিৰ্বাপক বাহিনীৰ মকড্ৰিল অভিযান।
জুই লাগিলে কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়ে আজি বাক্সা জিলাৰ ডুমুনীত এক মকড্ৰিল কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ মুছলপুৰ অগ্নিনিৰ্বাপক আৰু জৰুৰী সেৱাৰ উদ্যোগত ডুমুনী চাহ বাগিচাত এই কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷
ডুমুনী চাহ বাগিচাৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত কোনো স্থানত জুই লাগিলে কিদৰে নিৰ্বাপন কৰিব পাৰি সেই বিষয়ে মকড্ৰিলৰ জড়িয়তে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া-কৰ্মচাৰীসকলে ৷
আনহাতে কোনো স্থানত জুই লাগিলে অগ্নি নিৰ্বাপক বাহিনীক ১০১ত ফোন কৰি সঠিক তথ্য দিবলৈ আহ্বান জনায় অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াগৰাকীয়ে ৷
- Log in to post comments