প্ৰেম পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ শক্তি! ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ মাজতে ভাইৰেল হৈ পৰিছে এই বিশেষ ফটোখন

Love Couple Photo

টুইটাৰত ভাইৰেল হৈ পৰা ফটোখনত যুৱকজনে গাত লৈ আছে ইউক্ৰেইনৰ পতাকা আৰু যুৱতীগৰাকীয়ে গাত লৈ আছে ৰাছিয়াৰ পতাকা আৰু দুয়োজনে ইজনে সিজনক সাৱটি ধৰি আছে।

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ সময়তে ভাইৰেল হৈছে এইখন ফটো। দুয়োখন দেশৰ মাজত শত্ৰুতাই চৰম সীমাত উপনীত হোৱাৰ সময়তে এই ছবিধনে বিশেষ তাৎপৰ্য বহন কৰিছে।

এই ছবিখন বহুতৰ লগতে কংগ্ৰেছ সাংসদ শশী থাৰুৰেও শ্বেয়াৰ কৰিছে। থাৰুৰে লিখিছে, "নান্দনিক, ইউক্ৰেইনৰ পতাকা লৈ থকা এজন পুৰুষে সাৱটি ধৰিছে ৰাছিয়াৰ পতাকা লৈ থকা এগৰাকী মহিলাক। আহক আমি কামনা কৰোঁ, যুদ্ধা আৰু সংঘাতৰ ওপৰত শান্তি আৰু সহাৱস্থানৰ বিজয় হওক।"

 

বৃহস্পতিবাৰে ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰাৰ সময়ৰে পৰা এই ফটোখন চৰ্চালৈ আহিছে যদিও এইখন আচলতে তিনি বছৰ পুৰণি ফটো। The Washington Postৰ মতে এইখন জুলিয়ানা কুঝনেটছোভাই তেওঁৰ প্ৰেমিকাক এনেদৰে সাৱটি ধৰাৰ মুহূৰ্তৰ ফটো।

Category