বৰ্ষীয়ান গান্ধীবাদী নেত্ৰী পদ্মশ্ৰী শকুন্তলা চৌধুৰীৰ দেহাৱসান

বৰ্ষীয়ান গান্ধীবাদী নেত্ৰী পদ্মশ্ৰী শকুন্তলা চৌধুৰীৰ দেহাৱসান

বৰ্ষীয়ান গান্ধীবাদী নেত্ৰী পদ্মশ্ৰী শকুন্তলা চৌধুৰীৰ দেহাৱসান।

১০২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ সমাজ সেৱিকাগৰাকীৰ।

বাৰ্ধক্যজনিত কাৰণত দেওবাৰে নিশা শেষ নিশ্বাস ত্যাগ।

মহাত্মা গান্ধীৰ নীতি আৰু আদৰ্শৰে আজীৱন পাৰ কৰে।

গুৱাহাটীৰ কস্তুৰবা গান্ধী আশ্ৰমত থাকিয়েই আগবঢ়ায় সেৱা।

আজি কস্তুৰবা গান্ধী আশ্ৰমত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

নৱগ্ৰহ শ্মশানত কৰা হ’ব শকুন্তলা চৌধুৰীৰ শেষকৃত্য।

মহাত্মা গান্ধীৰ নীতি আৰু আদৰ্শৰে আজীৱন পাৰ কৰা গান্ধীবাদী মহিয়সী পদ্মশ্ৰী শকুন্তলা চৌধাৰীৰ দেওবাৰে নিশা পৰলোক প্ৰাপ্তি হয়।
শান্ত-সৌম্য ব্যক্তিত্বৰে সমাজক প্ৰগতিৰ বাটেৰে আগুৱাই নিয়াৰ স্বপ্নত ব্ৰতী আছিল শকুন্তলা চৌধাৰী।
এইবাৰ গণৰাজ্য দিৱসত ‘পদ্মশ্ৰী’ সন্মানেৰে অসমবাসীক গৌৰৱান্বিত কৰিছিল এইগৰাকী নাৰীয়ে৷

 

Category
Profile picture for user UB Photos