ভাৰত বাংলা সীমান্তত বিএছএফৰ অভিযানত জব্দ ১৬ টা চোৰাং গৰু!

Smuggling Cow

মানকাচৰত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় ৷

পুনৰ ভাৰত বাংলা সীমান্তত বি এছ এফৰ অভিযানত জব্দ হ'ল ১৬ টা চোৰাং গৰু৷
বৰাইৰ আলগা বি এছ এফ কেম্প এলেকাৰ আন্তৰাষ্ট্ৰীয় সীমান্তৰ পৰা এটা গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ নাম হাবিজুৰ মণ্ডল ৷ বৰ্তমান সৰবৰাহকাৰী হাবিজুৰ মণ্ডলক খাৰুৱাবান্ধা আৰক্ষী চকীত সোধপোছ অব্যাহত ৰাখিছে ৷

কালিৰ সীমান্তত গৰুৰ চোৰাং সৰবৰাহকাৰীৰ মৃত্যু হৈছিল ৷ বাংলাদেশী গৰু সৰবৰাহকাৰীটোৰ নাম ফৰিদুল ইছলাম বুলি আৰক্ষীয়ে বাংলাদেশ সংবাদ মাধ্যমৰ পৰা নিশ্চিত কৰিছে ৷

BSFয়ে BGBক ফ্লেগ মিটিং যোগে গৰু সৰবৰাহকাৰী নিহত হোৱাৰ খবৰ প্ৰদান কৰিছে ৷
মৃতদেহ বাংলাদেশত ঘূৰাই নিবলৈ BGB ক অৱগত কৰিছে BSFয়ে ৷ কিন্তু এতিয়ালৈ BGBয়ে কোনো সঁহাৰি জনোৱা নাই ৷

বৰ্তমান মৃতদেহতো মৰণোত্তৰ পৰীক্ষা কৰি হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ৰখা হৈছে ৷
৭২ ঘণ্টাৰ ভিতৰত বাংলাদেশ চৰকাৰে মৃতদেহ ঘূৰাই নিনিলে ভাৰততে কবৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি জনা গৈছে ৷

Category
Profile picture for user UB Photos