এগৰাকী ডিজিটেল ভিক্ষাৰী, এইগৰাকীয়ে সুবিধাৰ বাবে ডিঙিত আঁৰি লৈছে QR code

Beggar Accept Digital Payment

মন্দিৰ হাস্পতাল অথবা ৰাস্তা-ঘাট প্ৰায়ভাগৰে অভিজ্ঞতা আছে ভিক্ষাৰীৰ মুখামুখি হোৱাৰ। আমাৰ দেশত আপুনি ভিক্ষাৰীক দেখিবলৈ পোৱাটো এক স্বাভাৱিক কথা। 

কিন্তু জানি আচৰিত হ'ব যে আনৰ দানৰ অপেক্ষাত থকা এই ভিক্ষাৰীৰ জীৱনলৈও আহিছে পৰিৱৰ্তন। হাত পাতি নহয় এতিয়া ডিজিটেলী ভিক্ষাৰীয়ে লয় অনুদান। এতিয়াৰ পৰা ভিক্ষাৰীয়ে এইটোও ক'ব পাৰে যে যদি আপোনাৰ পকেটত পইচা নাই, তেন্তে অনলাইন পৰিশোধৰ বিকল্প ব্যৱহাৰ কৰিব পাৰে।

হয়, এই দৃশ্য দেখা গৈছে বিহাৰত। বিহাৰৰ বেতিয়া জিলাৰ বাসিন্দা ৰাজু পেটেলে ভিক্ষাগ্ৰহণ কৰিছে অনলাইনেৰে। বাতৰি অনুসৰি, ৰাজুৱে PhonePeৰ দ্বাৰা ভিক্ষা গ্ৰহণ কৰে। তেওঁ আনকি দান গ্ৰহণ কৰিবলৈ তেওঁৰ ডিঙিত এটা কিউআৰ কোডো ৰাখে।

এই সম্পৰ্কে তেওঁ কয় যে বহুতৰে পকেটত পইচা নাথাকে, গতিকে তেওঁ ডিজিটেলী দান লয়। ইয়াৰ দ্বাৰা দাতা আৰু গ্ৰহণ কৰোঁতাৰ মাজত কোনোপ্ৰকাৰৰ অসুবিধা নাথাকে। জীৱিকাও সঠিক ৰূপত চলে।

Category
Profile picture for user UB Photos