পৰ্ণগ্ৰাফী গোচৰত উচ্চতম ন্যায়ালয়ৰ পূৰ্বজামিন মঞ্জুৰ পুনম পাণ্ডেক

Poonam Pandey

পৰ্ণগ্ৰাফী গোচৰত অংশগ্ৰহণৰ অভিযোগত যোৱা কেইমাহমান ধৰি শিৰোনামত থকা মডেল-অভিনেতা পুনম পাণ্ডেক উচ্চতম ন্যায়ালয়ে পূৰ্বজামিন মঞ্জুৰ কৰে।

উল্লেখ্য় যে, পুনম পৰ্ণগ্ৰাফী গোচৰত অভিযুক্ত য'ত মুম্বাই আৰক্ষীয়ে শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰিছিল।

বোম্বাই উচ্চ ন্যায়ালয়ত অভিনেত্ৰীগৰাকীৰ আগতীয়া জামিনৰ আপীল নাকচ হোৱাৰ পিছত ন্যায়াধীশ বিনীত চৰণ আৰু বি ভি নাগাৰাথনাৰ বিচাৰপীঠে মহাৰাষ্ট্ৰ চৰকাৰক জাননী জাৰি কৰে।

বিচাৰপীঠে কয়, "জাননী জাৰি কৰক। আবেদনকাৰীৰ বিৰুদ্ধে কোনো বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰা নহ'ব।"

২০২১ চনৰ ২৫ নৱেম্বৰত বোম্বাই উচ্চ ন্যায়ালয়ে তেওঁৰ আগতীয়া জামিনৰ আপীল প্ৰত্যাখ্যান কৰাৰ পিছত, অভিনেত্ৰীগৰাকীয়ে গ্ৰেপ্তাৰৰ পৰা অস্থায়ী সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল।

আনহাতে অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁ কোনো ধৰণৰ পৰ্ণগ্ৰাফী প্লেটফৰ্মৰ অংশীদাৰ নাছিল। পুনমে লগতে কয় যে তাইৰ বিৰুদ্ধে অভিযোগটো তাইক কেইবাখনো প্লেটফৰ্মত প্ৰকাশ কৰা এটা ভিডিঅ'ৰ ওপৰত আধাৰিত আছিল।

আবেদনত উল্লেখ কৰা অনুসৰি, "যদিও আবেদনকাৰী এনে কোনো ৱেবছাইট বা অনলাইন প্লেটফৰ্মৰ গৰাকী বা ব্যৱসায়িক অংশীদাৰ নহয়, তাইৰ বিৰুদ্ধে একমাত্ৰ অভিযোগ টো হৈছে যে তেওঁক দেখুওৱা এটা ভিডিঅ' ৱেবছাইটত উপলব্ধ... এই সন্দৰ্ভত, উল্লেখ কৰা টো গুৰুত্বপূৰ্ণ যে ভাৰত চৰকাৰে ইতিমধ্যে কিছুমান ৱেবছাইট বন্ধ আৰু অক্ষম কৰিছে, য'ত আবেদনকাৰীৰ কিছুমান ভিডিঅ' আছে বুলি অভিযোগ কৰা হৈছে।"

লক্ষণীয়ভাৱে, যোৱা বছৰ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে ৰাজ কুন্দ্ৰাক অভিযুক্ত পৰ্ণগ্ৰাফী গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰিছিল।

Category
Profile picture for user UB Photos