চলিত বৰ্ষৰ পঞ্চমটো বিমান দুৰ্ঘটনা: দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ুসেনাৰ MiG-21 যুঁজাৰু বিমান, মৃত্যু পাইলটৰ

Mig12 crash in Rajasthan

পুনৰ দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ুসেনাৰ বিমান। কিছুদিন পূৰ্বে এক ভয়ংকৰ বিমান দুৰ্ঘটনাত ভাৰতীয় সেনাৰ CDS বিপিন ৰাৱটৰ লগতে আন ১৩ জন লোকে তামিলনাডুৰ কন্নুৰত কৰুণ মৃত্যুক সাৱটি লোৱাৰ পিছতে শুকুৰবাৰে বিয়লি ৰাজস্থানত পুনৰ দুৰ্ঘটনাত পতিত হয় ভাৰতীয় বায়ু সেনাৰ বিমান MiG-21।

শুকুৰবাৰে বিয়লি প্ৰায় ৮.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। ভাৰতীয় সেনাৰ প্ৰশিক্ষণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় যুঁজাৰু বিমান MiG-21। ৰাজস্থানৰ চাম আৰক্ষী থানাৰ সমীপৱৰ্তী ডিজাৰ্ট নেশ্যনেল পাৰ্কত শুকুৰবাৰে দুৰ্ঘটনাত পতিত হয় হৰ্ষিত সিনহাই চলাই যোৱা যুঁজাৰু বিমানখন। দুৰ্ঘটনাত ততালিকে মৃত্যুক সাৱটি লয় পাইলট উইং কমাণ্ডাৰ হৰ্ষিত সিনহাই।  এয়া হৈছে চলিত বৰ্ষৰ পঞ্চমটো ভাৰতীয় বায়ুসেনাৰ বিমান দুৰ্ঘটনা।

 

উইং কমাণ্ডাত হৰ্ষিত সিনহাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ভাৰতীয় বায়ুসেনাই।

উল্লেখ্য যে, ১৯৭১ চনৰ পৰা ২০১২ চনৰ এপ্ৰিল মাহলৈকে দুৰ্ঘটনাত পতিত হৈছে ৪৮২ খন MiG Aircraft। দুৰ্ঘটনাৰ ফলত মৃত্যু ১৭১ জন পাইলট আৰু ৩৯ জন সাধাৰণ লোকৰ। চৰকাৰৰ তথ্য অনুসৰি যান্ত্ৰিক বিজুতিৰ বাবেই সংঘটিত হৈছিল এই দুৰ্ঘটনা।

Category
Profile picture for user UB Photos