পঞ্চভূতত বিলীন হ'ল ভাৰতৰ চিডিএছ জেনেৰেল বিপিন ৰাৱাট

CDS Rawat Cremated

তামিলনাডুৰ কুনুৰত সংঘটিত শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতৰ প্ৰথম জন প্ৰতিৰক্ষা (চিডিএছ) জেনেৰেল বিপিন ৰাৱাটৰ অন্ত্যেষ্টিক্ৰিয়া আজি আবেলি ৪ বজাত অনুষ্ঠিত হয়।

দেশৰ সকলো কোণৰ পৰা চূড়ান্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগে লগে নতুন দিল্লীত প্ৰতিৰক্ষা প্ৰধান জেনেৰেল বিপিন ৰাৱাটৰ নশ্বৰ দেহ ৰখা হয়।

bipin rawat

জেনেৰেল ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাট, আন ১১ জনৰ সৈতে ৱেলিংটনলৈ যাওঁতে দুৰ্ঘটনাগ্ৰস্ত হোৱা আইএএফ এমআই ১৭ভি৫ হেলিকপ্টাৰত আছিল। বিমানত থকা ১৪ জনৰ ভিতৰত ১৩ জনেই মৃত্য়ু মুখত পৰে। কেৱল গ্ৰুপ কেপ্টেইন বৰুণ সিঙেই দুৰ্ঘটনাটোৰ পৰা বাচি আহি জীৱন-মৰণৰ যুজঁ দি আছে।

bipin rawat cremated

তেওঁৰ মৃত্যুৰ বাতৰি অহাৰ পিছৰে পৰা দেশৰ প্ৰতিটো কোণৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। প্ৰাণ হেৰুওৱা সকলোলোকৰ নশ্বৰ দেহ বৃহস্পতিবাৰে দিল্লীৰ পালম বায়ু সেনা ঘাটিলৈ অনা হৈছিল।

জেনেৰেল ৰাৱাটক আজি দিল্লী সেনানিবাসৰ ব্ৰাৰস্কোৱেৰ শ্মশানত সম্পূৰ্ণ সামৰিক সন্মানেৰে বিদায় দিয়া হৈছে। ৮০০ জন সেৱা কৰ্মীৰ উপস্থিতিৰে প্ৰটোকল অনুসৰি জেনেৰেল ৰাৱাটকো তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত ১৭ টা বন্দুকৰ অভিবাদন জনোৱা হয়।

cremated bipin rawat

ইফালে, চিডিএছ ৰাৱটৰ অন্তিম সংস্কাৰ তেওঁলোকৰ কন্যা কৃতিকা আৰু তাৰিনীয়ে সম্পন্ন কৰে।

Category
Profile picture for user UB Photos