জুবিনক লগ ধৰিবলৈ গৈ গ্ৰেপ্তাৰ হ’ল টংলাৰ যুৱক! কিন্তু কিয় চাওঁক

Bikash Deka

কালি আলফা(স্বাঃ)ত যোগদান কৰিবলৈ যোৱাৰ সময়তে অসমৰ তিনি যুৱকক আটক কৰা হৈছিল। 

অসম ৰাইফলছৰ এটা দল উপস্থিত হয় নাগালেণ্ডৰ মন জিলাত। নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ মাজেৰে ম্যানমাৰৰ আলফা(স্বাঃ)ৰ শিবিৰলৈ গৈ থকা অৱস্থাতে তিনিজন যুৱকক আটক কৰিবলৈ সক্ষম হয় অসম ৰাইফলছ।

মন জিলাত গ্ৰেপ্তাৰ কৰা এজন যুৱক হ’ল টংলাৰ বিকাশ ডেকা। যোৱা মঙলবাৰৰ পৰা নিখোঁজ হোৱা বিকাশ ডেকাৰ ঘৰ টংলাৰ জলাহ গাঁৱত। জানিব পৰা মতে, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক লগ কৰিবলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই আহিছিল বিকাশ।

সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহ থকা বিকাশ ডেকাই নাট্য কৰ্মী পবিত্ৰ ৰাভাৰ ʼআমাৰ গাঁৱতʼ জুবিন গাৰ্গক লগ পাইছিল। পৰিয়ালৰ লোকে জনোৱা মতে, মাজে মাজে জুবিন গাৰ্গক লগ কৰিবলৈ গৈছিল বিকাশ।

আনহাতে, বিগত এবছৰ ধৰি গুৱাহাটীৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম কৰিছিল। আৰু সেইদিনাও জুবিন গাৰ্গক লগ কৰিবলৈ যাম বুলি ঘৰত ফাঁকি দি গৈছিল আলফা স্বাধীনত যোগদান কৰিবলৈ। 

Category
Profile picture for user UB Photos