প্ৰেম কেনেকে ইমান নিষ্ঠুৰ হ'ব পাৰে? বিয়াত বহিবলৈ অমান্তি হোৱাত ১৮বাৰ ছুৰিৰে আঘাত কৰিলে যুৱকে

Stabbed

বুধবাৰে হায়দৰাবাদত এগৰাকী যুৱতীয়ে বিয়া হ'বলৈ অস্বীকাৰ কৰাৰ পিছত প্ৰেমিকে ১৮ বাৰকৈ চুৰিকাঘাত কৰা কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য়।

অভিযুক্তজনে কৰা দাবী অনুসৰি, তেওঁ যুৱতীগৰাকীৰ প্ৰেমিক আছিল। তেওঁ প্ৰেমিকাক বিবাহৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ পিছত আক্ৰমণ কৰিছিল।

ঘটনাটো বৃহত্তৰ হায়দৰাবাদৰ অন্তৰ্গত ৰাচাকোণ্ডা আয়ুক্তালয়ৰ এলবি নগৰ আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত হস্তিনাপুৰমৰ এটা কোঠাৰ ভিতৰত সংঘটিত হৈছে।

ইফালে, অভিযুক্তজনে তেওঁৰ প্ৰেমিকাক দুমাহ আগতে আন এজন ব্যক্তিৰ সৈতে এনগেজ হোৱা বুলি গম পাইছিল।

আনহাতে, যুৱতী আৰু প্ৰেমিক যুৱকজন দুয়ো বিকাৰাবাদ জিলাৰ দৌলতাবাদৰ বাসিন্দা আৰু তেওঁলোকে এটা সম্পৰ্কত আছিল বুলি জানিব পৰা গৈছে।

উল্লেখ্য় যে ভুক্তভোগী চিৰিশা, চিকিৎসালয়ত গুৰুতৰ অৱস্থাত আছে আৰু অভিযুক্তজন বৰ্তমান আৰক্ষীৰ জিম্মাত আছে।

Category
Profile picture for user UB Photos