উপ-নিৰ্বাচনৰ বাবে বন্ধ চিকিৎসালয়ৰ প্ৰৱেশ দুৱাৰ, গৰ্ভৱতী মহিলাই চিকিৎসালয়ৰ বাহিৰতে প্ৰসৱ কৰিলে সন্তান

Assam By Election

উপ-নিৰ্বাচনৰ দিনটোতে অথন্তৰ। উপ-নিৰ্বাচনৰ বাবে বন্ধ চিকিৎসালয়ৰ প্ৰৱেশ দুৱাৰ। চিকিৎসালয়ৰ বন্ধ দুৱাৰে বিপদত পেলালে ৰোগীক। উপায়ন্তৰ হৈ চিকিৎসালয়ৰ প্ৰৱেশ দুৱাৰতে সন্তান প্ৰসৱ কৰিলে মহিলাই।

এই ঘটনা সংঘটিত হৈছে গোসাইগাঁৱত। ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে গোসাইগাঁৱত বন্ধ চৰকাৰী চিকিৎসালয়। বন্ধ আৰ এন বি চিভিল চিকিৎসালয়ৰ মুখ্য প্ৰৱেশ দুৱাৰ। মহকুমাধিপতিৰ নিৰ্দেশতেই চিকিৎসালয়খনৰ মুখ্য দুৱাৰ বন্ধ কৰি ৰখাৰ কথা উল্লেখ কৰে চিকিৎসালয়ৰ অধীক্ষকে।

যাৰ বাবে উপায়ন্তৰ হৈ ৰাজপথতে গৰ্ভৱতী মহিলাই প্ৰসৱ কৰিবলগীয়া হয় সন্তান। এই ঘটনাক কেন্দ্ৰ কৰি ৰোগীৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰস্থিতিৰ। ভুক্তভোগীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ পিছতেই দেৱাল পাৰ হৈ চিকিৎসালয়ৰ ভিতৰত প্ৰৱেশ কৰে ৰোগী।

অৱশেষত সাংবাদিকৰ হেঁচাত চিকিৎসালয়ৰ দুৱাৰ খুলি দিবলৈ বাধ্য হয় হাস্পতাল কৰ্তৃপক্ষ। এই ঘটনাক কেন্দ্ৰ কৰি গোসাইগাঁৱত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। কি কাৰণত হাস্পতাল কৰ্তৃপক্ষই হাস্পতালৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি ৰাখিছিল, তাকে লৈ এতিয়া সকলোৰে মনত উদয় হৈছে প্ৰশ্নৰ।

Category
Profile picture for user UB Photos