আপোনালোকৰ পচন্দ মই ভাল পোৱা নাছিলো: পিতৃ-মাতৃয়ে দৰা পচন্দ কৰাৰ কাৰনেই ছোৱালীয়ে কৰিলে আত্মহত্যা

Hang

প্ৰতিজনী ছোৱালী আৰু আনকি ল'ৰাবোৰেও, তেওঁলোকৰ শক্তি, তেওঁলোকৰ সুখ আৰু তেওঁলোকৰ পৃথিৱী হ'ব পৰা সঙ্গী বাছনিৰ কৰি সপোনৰ বিবাহ হোৱাৰ সপোন দেখে। যেতিয়া সেই সপোনটো ভাঙি যায়, তেতিয়া সেই ব্যক্তিজনে আনকি যিকোনো সপোন দেখা বন্ধ কৰি দিয়ে। 

কিয়নো মানৱ মনোবিজ্ঞানে সাধাৰণতে হতাশাৰ পিছত নেতিবাচক ধৰণে কাম কৰা আৰম্ভ কৰে। গুজৰাটত এটা অতি দুখজনক ঘটনা সংঘটিত হৈছে। য'ত, এগৰাকী অতি কম বয়সীয়া নাৰ্চে নিজৰ জীৱনক লৈ এক কঠোৰ পদক্ষেপ বাচি লৈছিল যেতিয়া তেওঁ মনে বিচৰা ধৰণে সঙ্গী নাপালে।

এগৰাকী ২২ বছৰীয়া নাৰ্চে তাইৰ মাক-দেউতাকৰ দ্বাৰা তাইৰ বাবে বাছনি কৰা দৰাৰ ওপৰত অসন্তুষ্ট হোৱাৰ পিছত ফাঁচীত ওলমি নিজৰ জীৱন শেষ কৰে। গুজৰাটৰ ভাৱনগৰৰ ছাৰ তখতাসিংহজী জেনেৰেল হস্পিটেলৰ ভিতৰত নাৰ্চে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অমি মাকৱানা বুলি চিনাক্ত কৰা নাৰ্চ গৰাকীয়ে তাইৰ পিতৃ-মাতৃৰ দ্বাৰা বাছনি কৰা এজন পুৰুষৰ সৈতে তাইৰ প্ৰস্তাৱিত বিবাহৰ প্ৰতিবাদ কৰিবলৈ চৰম পদক্ষেপ লৈছিল। অমি চিকিৎসালয়ত ঠিকাভিত্তিক নাৰ্ছ হিচাপে কাম কৰি আছিল আৰু মাত্ৰ ডেৰ মাহ আগতে প্ৰতিষ্ঠানটোত যোগদান কৰিছিল।

চিকিৎসালয়ৰ কৰ্মীসকলে চিকিৎসালয়ৰ কোঠাত চিলিং ফেনত বান্ধি থোৱা ৰচীৰে অমিক ওলমি থকা অৱস্থাত পাইছিল।

আৰক্ষী উপ-পৰিদৰ্শক হাথিচিং গোহিলে জনায় যে, "কোঠাটো চিকিৎসালয়ৰ সদস্যসকলে ষ্টাফৰুম হিচাপেও ব্যৱহাৰ কৰি আছিল। ভিতৰত এটা ৱাছৰুম আছে আৰু তাত কেইখনমান চকী ৰখা হৈছিল। যেতিয়া ৰক্ষীজনে দেওবাৰে নিশা প্ৰায় ৮:৩০ বজাত কোঠাটোলৈ গৈছিল, তেওঁ দেখিলে যে কোঠাটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ আছে। তেওঁ চিকিৎসালয় প্ৰশাসনক বিষয়টো অৱগত কৰায়, তেতিয়া দুৱাৰৰ কাঁচৰ পেনেলবোৰ ভাঙি দিয়াত নাৰ্চগৰাকীক ওলমি থকা অৱস্থাত দেখা গৈছিল।"

অমিৰ দিউটি ৰাতি প্ৰায় ৮ বজাত সমাপ্ত হৈছিল। আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, মৃতদেহটোৰ ওচৰত এখন চুইচাইড নোট পোৱা গৈছে, যিখন নাৰ্চ গৰাকীয়ে  লিখা বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য় যে, আৰক্ষীয়ে দুৰ্ঘটনাজনিত মৃত্যুৰ গোচৰ ৰুজু কৰিছে। নাৰ্চৰ মৃত্যুৰ মূল কাৰণ জানিবলৈ আৰু অধিক অনুসন্ধান চলি আছে।
 

Category
Profile picture for user UB Photos