এফালে ক'ৰোনাৰ ত্ৰাস, আনফালে মোদীৰ‌‌ নতুন‌ বাসগৃহৰ কুচ-কাৱাজ

এফালে ক'ৰোনাৰ ত্ৰাস, আনফালে মোদীৰ‌‌ নতুন‌ বাসগৃহৰ কুচ-কাৱাজ

#news_time_assam #ub24x7 #INDIA #Covid #PrimeMinister #Residence #Government 

২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ৰ হ’ব নতুন ঠিকনা কভিড–১৯ৰ নতুন মহামাৰীয়ে নতুন দিল্লীত ভয়ংকৰ ৰূপ ধাৰণ কৰি সহস্ৰাধিক লোকৰ প্ৰাণ লোৱাৰ সময়ত, সান্ধ্য আইনৰ মাজতো পূৰ্ণ গতিত চলি আছে প্ৰধানমন্ত্ৰীৰ নতুন বাসগৃহ নিৰ্মাণৰ কাম যদিও দিল্লীত অন্য সকলো নির্মাণ কাৰ্য বন্ধ হৈ আছে; এই নিৰ্মাণ কার্যক Essential Service হিচাপে গণ্য কৰি আগবঢ়াই লৈ যোৱা হৈছে

   CPWD য়ে জনোৱা মতে, ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আৰু উপৰাষ্ট্ৰপতিৰ বাসগৃহ নির্মাণৰ কাৰণে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা এই নিৰ্মাণ কাৰ্যৰ  কাৰণে পূৰ্বতেই অনুমোদন লাভ কৰা হৈছে

   উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীৰ বাসগৃহ নিৰ্মাণৰ কাৰ্য সমাপ্ত ২০২২চনৰ ডিচেম্বৰ মাহত সংসদ ভৱনৰো নির্মাণ কাৰ্য সমাপ্ত একে বছৰৰ নৱেম্বৰ মাহত আৰু উপৰাষ্ট্ৰপতিৰ বাসগৃহ নিৰ্মাণ হৈ উঠিব ২০২২চনৰ মেমাহত গোটেই প্ৰকল্পটোৰ কাৰণে ৰাজকোষৰ ধন ব্যয় ১৩,৫০০কোটি টকা উচ্চতম ন্যায়ালয়েও এই নিৰ্মাণ কাৰ্যত সেউজ সংকেত প্ৰদান কৰিছে


বৰ্তমান প্ৰধানমন্ত্ৰীৰ ঠিকনা হৈছে , লোক কল্যাণ মাৰ্গ পূৰ্বতে এই ৰাস্তাৰ নাম আছিল ৰেচ কোৰ্ছ ৰোড

 

Category
Profile picture for user UB Photos