পৰীক্ষা বাতিলৰ ঘোষণা কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে

Gauhati university announces cancellation of Final Exams

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষ জাননী। বিশ্ববিদ্যালয়খনে বাতিল কৰিছে স্নাতক পৰ্যায়ৰ তৃতীয় ছেমিষ্টাৰৰ পৰীক্ষা।
তৃতীয় ছেমিষ্টাৰৰ শিক্ষাৰ্থীসকলে পূৰ্বৰ পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিতেই পৰৱৰ্তী ছেমিষ্টাৰলৈ উত্তীৰ্ণ হ’ব।

আনহাতে, ষষ্ঠ ছেমিষ্টাৰৰ পৰীক্ষা অনুষ্ঠিত হ’ব আগষ্ট মাহত। অনলাইন মাধ্যমেৰে অনুষ্ঠিত হ’ব এই পৰীক্ষা ।
ষষ্ঠ ছেমিষ্টাৰৰ পৰীক্ষাৰ্থীসকলৰ বাবে ৬০ শতাংশ পাঠ্যক্ৰমৰ ভিত্তিত প্ৰশ্ন কাকত তৈয়াৰ কৰা হ’ব।

আনহাতে, প্ৰেক্টিকেল পৰীক্ষাৰ বাবে পৰৱৰ্তী সময়ত নিৰ্দেশনা প্ৰদান কৰিব বুলি উল্লেখ কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষ জাননীখনত।

Category
Profile picture for user UB Photos