কটন বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তনত তিনিহাজাৰৰো অধিক শিক্ষাৰ্থীক ডিগ্ৰী-ডিপ্লমা প্ৰদান

Degree-diploma awarded to more than 3,000 students at first convocation of Cotton University

গুৱাহাটী, ১১ ছেপ্টেম্বৰ: শুকুৰবাৰে অনলাইনযোগে অনুষ্ঠিত কটন বিশ্ববিদ্যালয়ৰ প্ৰথমখন সমাৱৰ্তনত তিনিহাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ডিগ্ৰী আৰু ডিপ্লমাসমূহ লাভ কৰে।


সমাৱৰ্তনৰ আৰম্ভণিতে আদৰণী ভাষণ প্ৰদান কৰি কটন বিশ্ববিদ্যায়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীয়ে বিশ্ববিদ্যালয়খনৰ চাৰিবছৰীয়া যাত্ৰাত লাভ কৰা সফলতাৰ ওপৰত আলোকপাত কৰে। শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনিৰ অভূতপূৰ্ব উন্নতি আৰু নতুন-নতুন পাঠ্যক্ৰম সন্নিবিষ্ট কৰা সন্দৰ্ভত গোস্বামীয়ে ভাষণত উল্লেখ কৰে। বিশ্ববিদ্যালয়খনত খেলুৱৈসকলৰ বাবে আৰম্ভ কৰা স্নাতক পাঠ্যক্ৰম উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথম বুলি তেওঁ মন্তব্য কৰে।

ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য জগদীশ মুখীয়ে ছাত্ৰ-ছাত্ৰীসকলক ডিগ্ৰীসমূহ প্ৰদান কৰে। ভাষণত ৰাজ্যপালগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক দিশত আগবাঢ়ি যোৱাৰ লগতে আধ্যাত্মিকভাৱে সুদৃঢ় হ'বলৈ আহ্বান জনায়।

সমাৱৰ্তনৰ মুখ্য অতিথি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কটনৰ শতিকাপ্ৰাচীন ঐতিহ্যৰ ওপৰত আলোকপাত কৰাৰ লগতে ক'ভিড পৰিস্থিতিৰ মাজতে শিক্ষাৰ্থীসকলক ইতিবাচকতাৰ সন্ধান কৰিবলৈ আহ্বান জনায়। নতুন শিক্ষানীতিৰ প্ৰেক্ষাপটত পৰিৱৰ্তিত দৃষ্টিভংগী গ্ৰহণ কৰিবলৈও তেওঁ শৈক্ষিক মহলক অনুৰোধ জনায়।
অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কটন বিশ্ববিদ্যালয়ৰ উন্নয়ন তথা ৰাজ্যৰ সামগ্ৰিক শৈক্ষিক পৰিৱেশৰ উত্তৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতা সন্দৰ্ভত উল্লেখ কৰে। নতুন শিক্ষানীতি আৰু অসমত ইয়াৰ ৰূপায়ণ সম্পৰ্কেও তেওঁ আলোচনা কৰে। শতিকা পাৰ হোৱা শিক্ষানুষ্ঠানখনৰ ঐতিহাসিক ভৱনসমূহ সংৰক্ষণৰ ক্ষেত্ৰতো শিক্ষামন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।

সমাৱৰ্তনৰ ভাষণ প্ৰদান কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিনোদ কুমাৰ জৈনে বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত কটন বিশ্ববিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়ে উল্লেখ কৰে। চৰকাৰৰ 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ লক্ষ্যক সাকাৰ ৰূপ দিবলৈ সৃষ্টিশীলতা আৰু উদ্ভাৱনী চিন্তাক সাৰথি কৰি দেশৰ প্ৰগতিত আগভাগ ল'বলৈ জৈনে ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।

অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ডীনসকলৰ লগতে অধ্যাপক-অধ্যাপিকাসকলো উপস্থিত থাকে। গণিত বিভাগৰ ২০১৮ শ্ৰেণীৰ স্নাতকোত্তৰ ধনজিৎ ডেকাই স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ হৈ সোণৰ পদক গ্ৰহণ কৰাৰ বিপৰীতে পৰিসংখ্যা বিভাগৰ ছাত্ৰ ভাৰ্গৱ কাকতিয়ে ২০১৯ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ হৈ সোণৰ পদক গ্ৰহণ কৰে।
আনহাতে, সমাৱৰ্তনৰ লগত সংগতি ৰাখি বিয়লি অনলাইনযোগে এক সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। অনুষ্ঠানত কটনৰ স্বনামধন্য সংগীত শিল্পীসকলে কটনৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে বহু কেইগৰাকী ন-পুৰণি শিল্পীয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।

Category
Profile picture for user UB Photos