মণিপুৰ কংগ্ৰেছত অঘটন

Manipur Congress President

মণিপুৰ কংগ্ৰেছত অঘটন৷

 প্ৰদেশ কংগ্ৰেছৰ সভাপতি গোবিন্দ দাস কনঠৌমম সহ আঠজনকৈ বিধায়কৰ কংগ্ৰেছৰ পৰা পদত্যাগ৷ বিজেপিত যোগদানৰ চলিছে ব্যাপক চৰ্চা৷

 ৰাজ্য বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত ৰাজ্যখনৰ প্ৰধান বিৰোধী দলটোৰ স্বয়ং সভাপতি আৰু আঠজনকৈ বিধায়কৰ দলত্যাগে বিশেষ তাৎপৰ্য বহন কৰিছে৷ এইয়া কংগ্ৰেছৰ বাবে মোক্ষম আঘাত ৰূপে বিবেচিত হৈছে৷

 শেহতীয়া খৱৰ অনুসৰি দুই এদিনৰ ভিতৰত দলত্যাগী বিধায়ক সকলে বিজেপিত যোগদান কৰাটো নিশ্চিত৷

Category