কাৰ্বি আংলঙৰ বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত কেইবা সহস্ৰাধিক টকাৰ সম্পত্তি

কাৰ্বি আংলঙৰ বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত কেইবা সহস্ৰাধিক টকাৰ সম্পত্তি

কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ সমিপত আজি পুৱা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। ঘটনাত এখন ধাৱা সম্পূৰ্ণ ৰূপে জুইত জাহ যায়।

 অসম গ্ৰামীণ বিকাশ বেংকৰ মাঞ্জা শাখাৰ সন্মুখত থকা এখন ধাৱাত অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। জুইৰ লেলিহান শিখায়ে নিমিষতে সম্পুৰ্ণ ধাৱাখন আবৰি ধৰে।

 অৱশ্যে এই অগ্নিকাণ্ড সংঘটিত হোৱা লগে লগে ডিফুৰ পৰা অগ্নি নিবাপক বাহিনীয়ে মাঞ্জা আৰক্ষী সহযোগত কোনো মতে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও অগ্নি কাণ্ডত গোলাপ কিশোৰৰ ধাৱাখন সম্পূৰ্ণৰূপে জাহ যায়।

  অগ্নি নিৱাপক বাহিনী, আৰক্ষী আৰু স্থানীয় লোকৰ তৎপৰতা এলেকাটো অগ্নিকাণ্ডৰ ঘুৰুতৰ ক্ষতিৰ পৰা ৰক্ষা পৰে।

  অগ্নিকাণ্ড সংঘটিত হোৱাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও ইলেক্ট্ৰনিক শ্বৰ্ট চাৰৰ্কিত ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ আশংকা কৰা হৈছে।

   অগ্নিকাণ্ডৰ ঘটনাটোত বিনস্ত হয় কেইবা সহস্ৰাধিক টকা।

Category