মুখ্যমন্ত্ৰীৰ ঘোষণা: ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী খেলুৱৈ সকলক দিয়া হ'ব চৰকাৰী নিযুক্তি

Assam CM announces new government job for National & International Players

অসমৰ ক্ৰীড়াবিদসকলক সামাজিক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম বিধানসভাৰ পবিত্ৰ মজিয়াত ঘোষণা কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

আগন্তুক সময়ৰপৰা অলিম্পিক, কমনৱেলথ্ গেমছ্, এছিয়ান গেমছ্ আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ (National Games)ত অসমৰ পদক বিজয়ীসকলক দিয়া হ'ব চৰকাৰী নিযুক্তি। পূৰ্বতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক অর্জন কৰা ৰাজ্যৰ খেলুৱৈসকলক দিয়া হ'ব ক্ৰীড়া পেঞ্চন।

প্ৰতিটো সমষ্টিত ছিগনেচাৰ প্ৰকল্পৰ অধীনত ষ্টেডিয়াম নিৰ্মাণ আৰু প্ৰতিখন জিলাত অত্যাধুনিক সা-সুবিধাযুক্ত ষ্টেডিয়াম নিৰ্মাণৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই পদক্ষেপে ৰাজ্যখনৰ লগতে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা  প্ৰতিভাৱান খেলুৱৈসকলক স্বীকৃতি প্ৰদান কৰাৰ লগতে অনাগত দিনত অধিক সফলতা অৰ্জন কৰিবলৈ তেওঁলোকক বিশেষভাৱে অনুপ্ৰাণিত কৰিব বুলি আশাবাদী ক্ৰীড়ামন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী।
 

Category
Profile picture for user UB Photos