New Covid SOP:কোনকেইখন জিলাত কৰা হ'ল সম্পূৰ্ণ কন্টেইনমেন্ট জ'ন ঘোষণা?

Assam Government announces New SOP

অসম চৰকাৰে ঘোষণা কৰিলে নতুন SOP। ৰাজ্যৰ ভয়াৱহ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ঘোষণা কৰিছে নতুন নিয়ম।

বিগত দিনত যিকেইখন জিলাত কোভিডত আক্ৰান্তৰ হাৰ অত্যাধিক, সেই জিলাসমূহক কন্টেইনমেন্ট জিলা হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। সেই জিলাকেইখন হৈছে-গোলাঘাট, যোৰহাট, লখিমপুৰ, শোণিতপুৰ আৰু বিশ্বনাথ।

পৰৱৰ্তী এসপ্তাহলৈ এইকেইখন জিলাত প্ৰযোজ্য হ’ব পূৰ্ণ সান্ধ্য আইন। অৱশ্যে গেলামালৰ দোকানৰ লগতে ইয়াৰে সংলগ্ন শাক-পাচলি আৰু ফল-মূলৰ বিপণী বিয়লি ৫ বজালৈকে খোলা থাকিব। কাৰ্যালয়, আন সামগ্ৰীৰ দোকান আৰু যাতায়াত ব্যৱস্থাত সম্পূৰ্ণ নিষেধাজ্ঞা প্ৰযোজ্য হ’ব।

২৮ খন জিলাত বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন। সেই জিলাকেইখন হ’ল-কামৰূপ (মহানগৰ), শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কৰিমগঞ্জ, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কাৰ্বি-আংলং, ধুবুৰী, দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ আৰু হাইলাকান্দি। এই কেইখন জিলাত বিয়লি ৪ বজালৈকে খোলা থাকিব সকলো কাৰ্যালয়, দোকান, আন্তঃ জিলা পৰিবহন তথা যাতায়াত ব্যৱস্থা।

ৰাজ্যৰ ২ খন জিলা, ক্ৰমে মৰিগাঁও আৰু গোৱালপাৰাত দুপৰীয়া ১ বজাৰ পৰা পুৱা ৫ বজালৈকে বাহাল থাকিব সান্ধ্য আইন। এই দুখন জিলাত দুপৰীয়া ১২ বজালৈকে সকলো কাৰ্যালয় আৰু দোকান, আন্তঃ জিলা পৰিবহন তথা যাতায়াত ব্যৱস্থা মুকলি থাকিব।

সকলোবোৰ জিলাতে সুৰাৰ অবৈধ উৎপাদন বন্ধ কৰিব লাগিব। লগতে অবৈধ সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰতো কঠোৰ হ'ব আৱকাৰী বিভাগ।

Category
Profile picture for user UB Photos