সদনত অখিল গগৈৰ ৰুদ্ৰমূৰ্তি

Akhil Gogoi questions back, when the Speaker convince the MLA's to call the budget a Good Budget

উত্তপ্ত অসম বিধান সভা। তুংগত বিধান সভাৰ উপাধ্যক্ষ আৰু অখিল গগৈৰ বাক যুদ্ধ।

অসম বিধানসভাৰ ২০২১-২২ বাজেট অধিৱেশন চলি থকাৰ সময়তে সোমবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিধানসভাৰ মজিয়াত। সদনত উত্থাপিত হোৱা বাজেটখন এখন ভাল বাজেট বুলি বিধায়ক সকলক ক'বলৈ কৈছিল উপাধ্যক্ষই।

উপাধ্যক্ষৰ কথাত লগে-লগে উভতি ধৰে বিধায়ক অখিল গগৈয়ে। সকলো বিধায়ককে উপাধ্যক্ষই বলপূৰ্বক ভাৱে বাজেটখন ভাল বুলি পতিয়ন নিয়াব বিচাৰিছে বুলি কৈ জাঙুৰ খাই উঠিল অখিল গগৈ।

উপাধ্যক্ষই বাজেটখন ভাল বুলি বিধায়কক মানি ল'বলৈ কোৱা এই কাৰ্যক অসাংবিধানিক বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে।
 

Category
Profile picture for user UB Photos