এখন মুছলিম প্ৰধান দেশত আছে বিশ্বৰ আটাইতকৈ বিশাল বিষ্ণু মন্দিৰ

এখন মুছলিম প্ৰধান দেশত আছে বিশ্বৰ আটাইতকৈ বিশাল বিষ্ণু মন্দিৰ

#news_time_assam #Indonesia #Tallest #Statue #LordVishnu #Muslim #Country 

এখন মুছলিম প্ৰধান দেশ৷ যিখন দেশত আছে বিশ্বৰ আটাইতকৈ ওখ বিষ্ণু মন্দিৰ৷ হিন্দু ধৰ্মত ভগৱান বিষ্ণুক ত্ৰিদেৱৰ কৰ্ণধাৰ হিচাপে জনাজাত৷ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ভগৱান বিষ্ণুক বেলেগ বেলেগ নামেৰে পূজা কৰা হয়৷

  কিন্তু আপুনি জানি আচৰিত হ'ব যে, ভগৱান বিষ্ণুৰ আটাইতকৈ ডাঙৰ মুৰ্তিটো আছে এখন মুছলিম সংখ্যাগৰিষ্ঠ দেশ ইণ্ডোনেছিয়াত।  ইণ্ডোনেছিয়াৰ বালিদ্বীপৰ গাৰোদা উইস্নু কেনচানা পাৰ্কত আছে ১২২ ফুট ওখ বিষ্ণুমুৰ্তিটো৷ তাম আৰু পিতলেৰে নিৰ্মিত প্ৰায় ৬৪ ফুট বহল মুৰ্তিটো নিৰ্মাণৰ বাবে সময়  লাগিছিল ২৬ বছৰ৷

  উল্লেখ্য যে, ২০১৮ চনত নিৰ্মাণ সম্পন্ন হোৱা বিশালকায় বিষ্ণু মুৰ্তিটো নিৰ্মাণ কৰা উদ্যোগ ‘বাপ্পা নিৰ্মাকাৰক’ ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পদ্মশ্ৰী বঁটাৰে সন্মানিক কৰে৷

Category
Profile picture for user UB Photos