কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত প্ৰথমবাৰৰ বাবে হ’ব বিধানসভাৰ নিৰ্বাচন

কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত প্ৰথমবাৰৰ বাবে হ’ব বিধানসভাৰ  নিৰ্বাচন

#news_time_assam #Kashmir #Article-370 #Election

সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰকলৈ অশান্ত হৈ থকা কাশ্মীৰত এইবাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।

   এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, কাশ্মীৰৰ কেইবাটাও ৰাজনৈতিক দলৰ সন্মিলনত জন্ম হোৱা গুপকাৰ মিত্ৰজোঁটৰ সৈতে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত শীঘ্ৰে আলোচনা কৰিব বুলিও জানিব পৰা গৈছে।

   উল্লেখ্য যে, কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত এয়াই হ’ব বিধানসভাৰ প্ৰথম নিৰ্বাচন।

  কিছুদিন পূৰ্বে কাশ্মীৰত জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে।

উক্ত নিৰ্বাচনত গুপকাৰ মিত্ৰজোঁটে ১০০ খনৰো অধিক আসন লাভ কৰাৰ লগতে বিজেপিয়ে লাভ কৰিছিল ৭৪ খন আসন।কাশ্মীৰত বিজেপিয়ে অভাৱনীয় সফলতা লাভ কৰাৰ পিছতে সেয়ে হয়তো কেন্দ্ৰই ৰাজ্য খনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আগ্ৰহী হৈ উঠিছে।

  ইপিনে দিল্লীৰ সৈতে এঘৰী যুঁজিবলৈ বাবে সাজু হৈছিল কাশ্মীৰ উপত্যকাৰ ছটাকৈ বিৰোধী ৰাজনৈতিক দল।

  কাশ্মীৰত পুনৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰৱৰ্তন কৰাৰ দাবীৰে ঐক্যৱদ্ধ হোৱা দল কেইটাই অভিযোগ কৰি আহিছে যে, ২০১৯ চনৰ ৫ আগষ্টৰ দিনা কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদৰ লগতে ৩৫(ক) অনুচ্ছেদ বাতিল কৰি কাশ্মীৰী জনতাৰ অধিকাৰ কাঢ়িছে।

Category
Profile picture for user UB Photos