নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰিলে মৰেল পুলিচে

নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰিলে মৰেল পুলিচে

#news_time_assam #Assam #MoralPolice #

নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰিলে মৰেল পুলিচে 
গহপুৰত শেহতীয়াকৈ পোহৰলৈ আহিছে মৰেল পুলিচৰ নৃশংসতাৰ এক হৃদয় বিদাৰক ঘটনা। এগৰাকী অসহায় মহিলাক শাৰীৰিক আৰু মানসিকভাৱে এদল পুৰুষ-মহিলাই চলোৱা আক্ৰমণৰ ঘটনাই নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰিলে। 
  ঘটনাটো গহপুৰৰ কুহিমাৰীৰ। মহিলাগৰাকীৰ স্বামী কেশৱ দাসৰ নেতৃত্বত হৃদয়হীন এদল পুৰুষ-মহিলাই চলালে এই বৰবৰ আক্ৰমন। 
  প্ৰাপ্ত তথ্য অনুসৰি, পাৰিবাৰিক সংঘাটৰ বাবে কেইবামাহ ধৰি স্বামী গৃহৰ পৰা আঁতৰি থকা মহিলাগৰাকী স্বামী গৃহলৈ দুদিন পূৰ্বে উভতি আহাৰ পাছত মহিলা গৰাকীক পুখুৰীৰ পানীত পেলাই বেটাঘাট কৰি চুলিত ধৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই মৰেল পুলিচ গিৰিৰ এই জঘন্য ঘটনা সংঘটিত কৰে। 
  তিনিটাকৈ সন্তানৰ মাতৃগৰাকীৰ ওপৰত চলোৱাৰ এই বৰবৰ আক্ৰমনৰ ঘটনাৰ খবৰ পায় গহপুৰ আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰাৰ লগতে ঘটনাৰে জড়িত  দুগৰাকী মহিলাক আৰক্ষীয়ে আটক কৰিছে যদিও পৰৱৰ্তী সময়ত ৭ গৰাকী পুৰুষ মহিলাক গহপুৰ আৰক্ষীয়ে আটক কৰে। আনহাতে,  সংকট জনক অৱস্থাত নিৰ্যাতিতা মহিলা গৰাকী বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। গহপুৰ আৰক্ষীয়ে ঘটনাৰে জড়িত অন্যসকলক কৰায়ত্ব কৰিবৰ বাবে অভিযান অব্যাহত ৰাখিছে ।

Category