কাৰ্বি বিদ্ৰোহী সংগঠনৰে চৰকাৰৰ প্ৰস্তাৱিত শান্তি চুক্তিকলৈ আদৰণি ডিফুত দল-সংগঠনৰ

কাৰ্বি বিদ্ৰোহী সংগঠনৰে চৰকাৰৰ প্ৰস্তাৱিত শান্তি চুক্তিকলৈ আদৰণি ডিফুত দল-সংগঠনৰ

#news_time_assam #Assam 

কাৰ্বি বিদ্ৰোহী সংগঠনৰে চৰকাৰৰ প্ৰস্তাৱিত শান্তি চুক্তিকলৈ ডিফুত দল-সংগঠনৰ সংবাদমেল।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে পাৰ্বত্য জিলা কাৰবি আংলঙৰ অস্ত্ৰবিৰত কেইবাটাও উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে সম্পাদন হবলগীয়া বহু চৰ্চিত শান্তিচুক্তিখনকলৈ কাৰবি আংলঙৰ বিভিন্ন দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি ডিফুস্থিত কেএছএ লামডিং ৰোডস্থিত কাৰ্যালয়ত কেইবাটাও সংগঠনে এক যৌথ সংবাদমেলৰ আয়োজন কৰি চুক্তি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ সংবাদমেলটোত কাৰবি ছাত্ৰ সন্থা, এইছএছডিচি, কেৱাইডব্লিউজেএফ, এছৱাচি, এছৱাইজে, ইউকেডব্লিউ আদি সংগঠনে জিলাখনত শান্তি স্থাপনৰ নামত ইটোৰ পিছত সিটো চুক্তি সম্পাদন হোৱাৰ কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে৷

   এএছডিচি দলৰ সাধাৰণ সম্পাদক লাইচান ইংলেঙে সাংবাদিকসকলক সম্বোধন কৰি কয় যে, ১৯৯৫ চনৰ পৰাই জিলাখনত একাধিক চুক্তি স্বাক্ষৰিত হৈ আহিছে এমঅএছ চুক্তিক আজিলৈকে বিধায়কেই উত্থাপন নহল৷

   উল্লেখিত চুক্তিসমূহ ৰূপায়ণ হোৱাৰ পৰিৱৰ্তে কেৱল অৰ্থনৈতিক পেকেজ আগবঢ়াই আহিলেই জিলাখনত কোনো কাৰণতেই স্থায়ী শান্তি স্থাপন সম্ভৱপৰ নহয় বুলি কয় মন্ত্ৰীগৰাকীয়ে৷

   আনহাতে চৰকাৰে কেৱল হাতত অস্ত্ৰলোৱা সংগঠনসমূহৰ সৈতেহে চৰকাৰে আলোচনাত বহে কিন্তু জিলাখনত আন্দোলন কৰি অহা অনান্য সংগঠনসমূহৰ সৈতে আলোচনাত বহিবলৈ আগ্ৰহ প্ৰকাশ নকৰে বুলি আক্ষেপ প্ৰকাশ নকৰে৷ আনহাতে সম্পাদন হবলগীয়া শান্তি চুক্তি সন্দৰ্ভত ৰাইজে কোনো বিষয়েই অৱগত নহয় বুলি মন্তব্য কৰি কেৱল সংবাদ মাধ্যমৰ জৰিয়তেহে কেতবোৰ তথ্য লাভ কৰাৰ সুযোগ লাভ কৰা বুলি কয় লাইচান ইংলেঙে৷

 আনহাতে প্ৰস্তাৱিত চুক্তিখনত স্বায়ত্তশাসিত ৰাজ্য সন্দৰ্ভত কোনো বিষয় উল্লেখ কৰা হোৱা নাই বুলি অনুমান ব্যক্ত কৰি নেতাগৰাকীয়ে স্বায়ত্তশাসনৰ বিষয়ে কোনো উল্লেখ অবিহনে এই চুক্তিয়ে কিমানদূৰ শান্তি স্থাপন কৰিব পাৰিব তাকলৈ এক প্ৰশ্নবোধক থাকিব বুলি সন্দেহ প্ৰকাশ কৰে ৷

 আনহাতে চুক্তিখনৰ জৰিয়তে যদিহে শান্তি আৰু উন্নয়ণৰ পোষকতা কৰা হৈছে তেন্তে এলেকাটোৰ সকলো সমাজ, ছাত্ৰ, যুৱক বুদ্ধিজিৱীক বিশ্বাসত লৈ আগবাঢ়িব লাগে বুলি এইছএছডিচিৰ সাধাৰণ সম্পাদকগৰাকীয়ে দাবী কৰে৷

 আনহাতে মূলসূতীলৈ আহি আলোচনাৰ জৰিয়তে শান্তিচুক্তিত স্বাক্ষৰ কৰিবলৈ আগবঢ়া বিদ্ৰুোহী সংগঠনসমূহৰ নেতৃবৰ্গক এই প্ৰক্ৰিয়ালৈ আদৰণি জনাই ইংলেঙে লগতে স্বায়ত্তশাসিত ৰাজ্য নহলেও এই চুক্তিৰ জৰিয়তে যাতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে আইন শৃংখলা নিয়ন্ত্ৰণৰ ক্ষমতা, ৰিজাৰ্ভ বেংকত একাউণ্ট খোলাৰ ক্ষমতা আৰু নিজাববীয়াকৈ লোক সেৱা আয়োগ গঠন কৰিবলৈ ক্ষমতা লাভ কৰিবলৈ সক্ষম হয় সেই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনায়৷ লগতে জিলাখনৰ স্থায়ী শান্তি আৰু উন্নয়নৰ স্বাৰ্থত স্বাক্ষৰিত হবলগীয়া প্ৰস্তাৱিত শান্তি চুক্তিখনত সকলো দল-সংগঠনক বিশ্বাসত লৈ আমন্ত্ৰণ জনাব লাগে বুলি মন্তব্য কৰে৷ আনহাতে স্বায়ত্তৰাজ্য হাচিল নোহোৱালৈকে গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব লাগিব বুলি নেতাগৰাকীয়ে মন্তব্য কৰে ৷

Category