চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি পায়ো প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে বহু লোক

চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি পায়ো প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে বহু লোক

#news_time_assam #Government #Salary 

পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলংৰ পৌৰসভা আৰু নগৰ কমিটি সমূহত কৰ্মৰত হৈ থকা কৰ্মচাৰী সকলে বহুমাহ ধৰি দৰ্মহা নোপোৱাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে৷

 আজি পৌৰসভা-নগৰ সমিতি সমূহৰ কৰ্মৰত কৰ্মচাৰী সকলে একত্ৰিত হৈ আয়োজন কৰে সংবাদমেল৷ কৰ্মচাৰী সকলে যোৱা কেইবামাহ ধৰি দৰ্মহাৰ পৰা বঞ্চিত হৈ আহিছে৷

 উল্লেখ্য যে, পৌৰ আইন অনুসৰি সকলোকে চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়াৰ পিছতো প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে এইসকল লোকে৷ এনে প্ৰেক্ষাপটত চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে শীৰ্ঘে দৰ্মহা মুকলি কৰাৰ আহ্বান কৰিছে পাহাৰীয়া জিলাৰ পৌৰ কৰ্মচাৰী সংস্থাই৷

Category
Profile picture for user UB Photos