দেশত প্ৰয়োগ হৈ থকা তিনিবিধ ভেকচিনৰ দাম নিৰ্ধাৰণ

দেশত প্ৰয়োগ হৈ থকা তিনিবিধ ভেকচিনৰ দাম নিৰ্ধাৰণ

#news_time_assam #Covid #Vaccine #Price 

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই কেন্দ্ৰীয় চৰকাৰে দেশত প্ৰয়োগ হৈ থকা তিনিবিধ ভেকচিনৰ দাম নিৰ্ধাৰণ কৰি দিছে।

 এতিয়াৰে পৰা ক'ভিশ্বল্ড, 'ভাক্সিন আৰু স্পুটনিক দাম ব্যক্তিগত হাস্পতাল আৰু ভেকচিন কেন্দ্ৰ সমূহে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া দামহে ল'ব পাৰিব৷ সেই অনুসৰি ক'ভিশ্বিল্ডৰ দাম ৭৮০ টকা,'ভাক্সিনৰ ১,৪১০ টকা,স্পুটনিকৰ দাম ১,১৪৫টকা নিৰ্ধাৰণ কৰা হৈছে৷

 নিৰ্ধাৰিত মুল্যতকৈ কোনো ব্যক্তিগত হাস্পতাল বা ভেকচিন কেন্দ্ৰই যদি অত্যাধিক পৰিমাণৰ ধন লই তেন্তে কেন্দ্ৰীয় চৰকাৰে লব বিভাগীয় কঠোৰ ব্যৱস্থা৷ একেদৰে সেৱাকৰ ১৫০ তকৈ অধিক ল'ব নোৱাৰিব৷

  আনহাতে সকলো ব্যক্তিগত হাস্পতাল আৰু ভেকচিন কেন্দ্ৰ সমূহক প্ৰত্যক্ষ নিৰীক্ষণ ৰাখিবলৈ ৰাজ্য চৰকাৰক যাবতীয় পদক্ষেপ লবলৈও নিদেৰ্শনা দিছে কেন্দ্ৰীয় চৰকাৰে৷

Category
Profile picture for user UB Photos